ETV Bharat / state

লক্ ডাউন-2ঃ পঞ্চদশ দিনটোত ৰাজ্যৰ ক'ত কি ঘটিল !

author img

By

Published : Apr 30, 2020, 12:45 PM IST

Updated : Apr 30, 2020, 8:40 PM IST

various programs taken in all over assam during lockdown

20:17 April 30

তিনিচুকীয়াৰ তিনি সাংবাদিকে সাহায্য প্ৰদান কৰিলে 50 টা দৰিদ্ৰ পৰিয়ালক

তিনিচুকীয়া, 30 এপ্ৰিলঃ দেশজুৰি চলি থকা দ্বিতীয় পৰ্যায়ৰ লক্ ডাউনৰ সময়ত তিনিচুকীয়াৰ তিনি গৰাকী সাংবাদিকে বালিজান চিকৰাজান আৰু বোকাপথাৰ গাঁৱৰ 50 টা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰে । সাংবাদিক তিনিগৰাকীৰ এই কাৰ্যত সহযোগিতা আগবঢ়ায় বোকাপথাৰ গাঁৱৰ চৰকাৰী গাঁওবুঢ়া ভদ্ৰকান্ত মৰাণে ।

18:31 April 30

কমলপুৰৰ পৰিদৰ্শন বঙলাত উপস্থিত সাংসদ দিলীপ শইকীয়া

বাইহাটা, 30 এপ্ৰিলঃ COVID-19ত আক্ৰান্ত হৈ দিল্লীত চিকিৎসাধীন হৈ থকা ৩১ নং চিআৰপিএফ বেটেলিয়নৰ জোৱান সকলক সকলো ধৰণৰ সহায় কৰাৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ কৰি আছে সাংসদ দিলীপ শইকীয়াই । ইতিমধ্যে সাংসদ গৰাকীয়ে এই জোৱান সকলৰ চিকিৎসাৰ বাবে অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈ দিল্লী চৰকাৰৰ লগত সঘনাই যোগাযোগ কৰি থকা বুলি উল্লেখ কৰিছে । দেশৰ এনে পৰিস্থিতিৰ বাবে  ১ লাখ ৭০ হাজাৰ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰাৰ কথাও উল্লেখ কৰে সাংসদ গৰাকীয়ে । সাংসদ গৰাকীয়ে কমলপুৰৰ পৰিদৰ্শন বঙলাত উপস্থিত হৈ এই বিপদৰ সময়ত জৰুৰীসেৱাৰ লগত জড়িত সংবাদসেৱী, স্বাস্থ্যকৰ্মী আৰু আৰক্ষীৰ মাজত মাস্ক, চেনিটাইজাৰ, চাবোন আদি বিতৰণ কৰে ।

18:19 April 30

সমাগমৰ পৰা বিৰত থাকি শ্ৰমিক দিৱস পালন কৰিব মৰাণ শাখা চাহ মজদুৰ সংঘই

মৰাণ, 30 এপ্ৰিলঃ ১ মে'ত বিশ্বজুৰি অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক শ্ৰমিক দিৱস এইবাৰ সমাগমৰ পৰা বিৰত থাকি পালন কৰিব মৰাণ শাখা চাহ মজদুৰ সংঘই । মৰাণ শাখা চাহ মজদুৰ সংঘই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি সংঘৰ অন্তৰ্ভুক্ত প্ৰতিখন চাহ বাগিচাতে শ্ৰমিক দিৱস পালনৰ সিদ্ধান্ত সৈছে । উক্ত দিনটোত পুৱা 8 বজাত লক্ ডাউনৰ নিৰ্দেশাৱলী মানি কেইগৰাকীমান প্ৰতিনিধিয়ে শ্ৰমিক দিৱস উপলক্ষে পতাকা উত্তোলন কৰিব ।

18:13 April 30

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্মাৰক পত্ৰ প্ৰদান কৰে অসম ছাত্ৰ পৰিষদে

গুৱাহাটী, 30 এপ্ৰিলঃ অসম চৰকাৰৰ শিক্ষা, বিত্ত তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সাক্ষাৎ অসম ছাত্ৰ পৰিষদৰ । পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাৰ নেতৃত্বত মাননীয় শিক্ষা মন্ত্ৰীক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে অসম ছাত্ৰ পৰিষদে । লগতে ছাত্ৰ ছাত্ৰীৰ মানসিক স্বাস্থ্য সুদৃঢ় কৰা, অনলাইন পাঠ্যক্ৰম, ষান্মসিক পৰীক্ষা ইত্যাদি বিষয়ত গুৰুত্ব আৰোপ কৰিবলৈ ছাত্ৰ সংগঠনটোৱে শিক্ষা মন্ত্ৰীক আহ্বান জনায় ।

18:10 April 30

দক্ষিণ শালমাৰাৰ হাজিৰহাটত বিজেপিৰ নেতাৰ সাহায্য বিতৰণ

ধুবুৰী, 30 এপ্ৰিলঃ লক্ ডাউনৰ সময়ত আর্তজনৰ কাষত থিয় দিছে বহু হৃদয়বান লোক । দক্ষিণ শালমাৰাৰ হাজিৰহাটত বিজেপিৰ নেতা মহুজল হকে বৃহস্পতিবাৰে নিজা ধনেৰে দুই শতাধিক দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰিলে খাদ্য সামগ্ৰী ।

18:06 April 30

যোৰহাটত ভংগ লক্ ডাউন

যোৰহাটত ভংগ লক্ ডাউন
যোৰহাটত ভংগ লক্ ডাউন

যোৰহাট, 30 এপ্ৰিলঃ যোৰহাটত পুনৰ সক্ ডাউন ভংগ একাংশ জনতাৰ । শিক্ষিত লোকৰ ঠাই বুলি খ্যাত যোৰহাটৰ একাংশ লোকৰ দায়বদ্ধহীনতাই এতিয়া চিন্তিত কৰি তুলিছে সচেতন ৰাইজক । চহৰখনৰ বিভিন্ন অঞ্চলত বিশেষকৈ, নিউভিল ৰোড, জেৱি ৰোড আদি অঞ্চলত ব্যাপক লোকৰ ভীৰ পৰিলক্ষিত হৈছে ।

12:10 April 30

সাহায্য বিতৰণৰ নামত বেমেজালিৰ অভিযোগ বাক্সাৰ বালাহাটীত

বাক্সা, 30 এপ্ৰিলঃ লক্ ডাউনৰ সময়ত ভিন্ন প্ৰান্তত হিতাধিকাৰীসকলৰ মাজত সাহায্য বিতৰণৰ নামত সংঘটিত হৈ আহিছে বেমেজালিৰ । এইবাৰ এই বিসংগতিৰ অভিযোগ উত্থাপন হৈছে বাক্সাৰ গোৰেশ্বৰৰ গুৰমৌ বালাহাটীত । চাউল বিচৰণৰ নামত বেমেজালিৰ অভিযোগত ৰাইজৰ ৰোষত পৰে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যলয়ৰ বিষয়াগৰাকী । অভিযোগ অনুসৰি হিতাধিকাৰীৰ পৰিৱৰ্তে সাহায্যৰ চাউল লাভ কৰিলে অন্য লোকে ।  

12:00 April 30

লক্ ডাউনৰ মাজতে অনুষ্টুপীয়াকৈ পালন আপকুৰ প্ৰতিষ্ঠা দিৱস

সৰুপথাৰ, 30 এপ্ৰিলঃ লক্ ডাউনৰ মাজতে আপকুৰ ধনশিৰি মহকুমা সমিতিয়েও সৰুপথাৰত স্মৃতি তৰ্পণ আৰু পতাকা উত্তোলন কৰিয়েই সামৰিলে প্ৰতিষ্ঠা দিৱস । অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা এই কাৰ্যসূচীত পতাকা উত্তোলন কৰে ধনশিৰি মহকুমা সমিতিৰ সভাপতি প্ৰতাপ গগৈয়ে । এই কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হেমন্ত মহন্ত, মহকুমা সমিতিৰ উপ ভাপতি মাণিক কুমাৰ দেৱ, সহকাৰী সম্পাদক মাণিক শৰ্মা, সদস্যদ্বয় অনুজ বৰা আৰু বিপুল শৰ্মা ।  

11:31 April 30

খুমটাইত যোগান বিভাগৰ উদ্যোগত বিনামূলীয়া চাউল বিতৰণ

খুমটাই, 30 এপ্ৰিলঃ খুমটাইৰ শাওতলী পঞ্চায়তৰ অন্তৰ্গত সেন্দুৰিটিঙত গোলাঘাট জিলা যোগান বিভাগৰ উদ্যোগত ৰেচন কাৰ্ড নথকা হিতাধিকাৰীসকলক বিনামূলীয়া চাউল বিতৰণৰ লগতে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে ল'বলগীয়া সচেতনতা বিষয়ক এক কাৰ্যসূচী অনুষ্ঠাত কৰে । এই কাৰ্যসূচীত  অতিৰিক্ত উপায়ুক্ত লক্ষীমী দত্ত, যোগান বিভাগৰ বিষয়া কিশোৰ শৰ্মা, খুমটাইৰ ৰাজহচক্ৰ বিষয়া, কেন্দ্ৰীয় উন্নয়ন খণ্ডৰ বিষয়াৰ লগতে পঞ্চায়তৰ বিষয়ববীয়া সকল উপস্থিত থাকে । 

Last Updated : Apr 30, 2020, 8:40 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.