গোলাঘাট,২৯ এপ্ৰিলঃ গোলাঘাট নগৰত দেওবাৰে নিশা অচিনাক্ত মহিলা উদ্ধাৰ । নগৰখনৰ বিন্নানী ব্ৰাডাৰ্ছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ বাৰান্দাত বহি আছিল মহিলাগৰাকী । ব্যৱসায়ী পৰিয়ালটোৱে প্ৰথমে মহিলাগৰাকীক প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক । দেৰগাঁৱৰ বাসিন্দা বুলি পৰিচয় দিব বিচৰা মহিলাগৰাকীৰ কথাত দেখা গ'ল যথেষ্ট বিসংগতি ।
আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আহে । বৰ্তমান গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাই জনোৱা মতে মহিলাগৰাকীৰ ঘৰ দেৰগাঁৱত। কেনেকৈ নিশা গোলাঘাট নগৰত উপস্থিত হ'ল সেইক্ষেত্ৰত মহিলাগৰাকীয়ে অজ্ঞতা প্ৰকাশ কৰিছে । আনহাতে, সোমবাৰে মহিলাগৰাকীক আৰক্ষীয়ে দেৰগাঁৱৰ নিজা ঘৰত থৈ অহাৰ ব্যৱস্থা কৰে ।