ETV Bharat / state

কোভিড-19 যোদ্ধালৈ গোলাঘাট টাই আহোম যুৱ পৰিষদৰ ব্যতিক্ৰমী শ্ৰদ্ধা - Unique respect to Covid-19 warrior

ৰাইজক সুৰক্ষা প্ৰদানৰ বাবে দিনে-নিশাই অহৰহ সেৱা আগবঢ়োৱা প্ৰতিজন লোকৰে সু-স্বাস্থ্যৰ কামনা কৰি আৰু কৃতজ্ঞতা জনাই শনিবাৰে চুকাফাৰ প্ৰতিমূৰ্তিৰ তলত 101 গচি বন্তি প্ৰজ্বলন কৰে গোলাঘাট টাই আহোম যুৱ পৰিষদে ৷

Unique respect to Covid-19  warrior by Golaghat tai ahom yuva parisad
কোভিড-19 যোদ্ধা সকলললৈ ব্যতিক্ৰমী শ্ৰদ্ধা
author img

By

Published : May 24, 2020, 10:12 AM IST

গোলাঘাট, 24 মে': বিশ্বজুৰি অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস ৷ বিশ্বৰ আন বহু দেশৰ লগতে ভাৰততো প্ৰতিদিনেই বৃদ্ধি পাইছে কোভিড-19 ত আক্ৰান্তৰ সংখ্যা ৷ কিন্তু ইয়াৰ মাজতে কোভিড-19 ক প্ৰতিহত কৰা যুঁজখনত নিৰ্ভীক সেনানীহৈ প্ৰতিদিনে ৰাইজৰ সেৱাৰ বাবে কাম কৰি গৈছে চিকিৎসা কৰ্মী সকলৰ লগতে জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা হাজাৰ হাজাৰ লোকে ৷ বিশ্বৰ এই অভাৱনীয় পৰিস্থিতিৰ সময়ত ৰাইজক সুৰক্ষা প্ৰদানৰ বাবে দিনে-নিশাই অহৰহ সেৱা আগবঢ়োৱা প্ৰতিজন লোকৰে সু-স্বাস্থ্যৰ কামনা কৰি আৰু কৃতজ্ঞতা জনাই শনিবাৰে চুকাফাৰ প্ৰতিমূৰ্তিৰ তলত 101 গচি বন্তি প্ৰজ্বলন কৰে গোলাঘাট টাই আহোম যুৱ পৰিষদে ৷

কোভিড-19 যোদ্ধা সকলললৈ গোলাঘাট টাই আহোম যুৱ পৰিষদৰ ব্যতিক্ৰমী শ্ৰদ্ধা

এই সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি কৰ্ম ক্ষেত্ৰত আগবঢ়োৱা অন‍বদ্য সেৱাৰ বাবে সকলো কৰ্মীকে কৃতজ্ঞতা আৰু শুভেচ্ছা জনাই গোলাঘাট টাই আহোম যুৱ পৰিষদে ৷ তেওঁলোকৰ আশা এনে শ্ৰদ্ধাসুলভ মৰম আৰু শুভেচ্ছাই সকলোকে অনুপ্ৰাণিত কৰাই নহয়, নিজা-নিজা দায়িত্বৰ প্ৰতিও অধিক সচেতন কৰিব ৷

লগতে পঢ়কঃ ওদালগুৰিত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.