ETV Bharat / state

Dergaon tea Industry : কল কাৰাখানাৰ পৰা নিৰ্গত বিষাক্ত দ্ৰব্যই সমস্যাত পেলাইছে নাগৰিকক - বি এল টি চাহ উদ্যোগ

কল-কাৰাখানাৰ পৰা নিৰ্গত বিষাক্ত দ্ৰব্যৰ প্ৰভাৱত বিনষ্ট কৃষিভূমি । বিভিন্নজন আক্ৰান্ত হৈছে দুৰাৰোগ্য ৰোগত ৷

Dergaon tea Industry
বিষাক্ত দ্ৰব্যৰ প্ৰভাৱত বিনষ্ট কৃষিভূমি
author img

By

Published : Jul 5, 2023, 1:35 PM IST

উদ্যোগ কৰ্তৃপক্ষক স্মাৰক পত্ৰ প্ৰদান আটছাৰ

যোৰহাট, 5 জুলাই : গোলাঘাট জিলাৰ দেৰগাঁৱৰ এটা চাহ উদ্যোগক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । বি এল টি চাহ উদ্যোগ নামৰ কাৰখানাটোৰ পৰা ওলাই যোৱা বিষাক্ত দ্ৰব্যই পাৰ্শ্বৱৰ্তী অঞ্চলসমূহৰ অধিকাংশই কৃষি পথাৰ বিনষ্ট কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । সমান্তৰালভাৱে এই বিষাক্ত দ্ৰব্যই অঞ্চলটোত সৃষ্টি কৰিছে এক দুৰ্গন্ধময় পৰিৱেশৰ ,যাৰ ফলশ্ৰুতিত অঞ্চলটোত বসবাস কৰা লোকসকলৰ বিভিন্ন ছালৰ বেমাৰ, উশাহ নিশাহ লোৱাত কষ্ট আদিকে ধৰি স্বাস্থ্যজনিত বিভিন্ন ৰোগত আক্ৰান্ত হ'বলগীয়া হৈছে ।

ফলস্বৰূপে উক্ত অঞ্চলৰ ৰাইজৰ প্ৰতি তীব্ৰ ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে কাৰখানাটোৰ দ্বাৰা । আটছাৰ দেৰগাঁও আঞ্চলিক সমিতিৰ নেতৃত্বত ভুক্তভোগী লোকসকলে এই সমস্যাৰ সমাধান বিচাৰি উদ্যোগ কৰ্তৃপক্ষক এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে গোলাঘাট জিলাৰ উপায়ুক্তলৈও স্মাৰকপত্ৰ প্ৰেৰণ কৰে । অতি শীঘ্ৰেই যদি এই সমস্যাৰ সমাধান নহয় পৰৱৰ্তী পৰ্যায়ত তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে আটছাৰ সদস্যসকলে ।

উল্লেখযোগ্য বিষয় যে, দেৰগাঁৱৰ এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজ বিশেষকৈ কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰশীল, ফলত উক্ত কাৰাখানটোৰপৰা ওলোৱা বিষাক্ত দ্ৰব্য ই বিস্তৃত অঞ্চলৰ কৃষি ভুমি বিনষ্ট কৰিছে, ফলত অঞ্চলটোৰ কৃষিজীৱী ৰাইজে যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে
৷ অনতিপলমে যদি এই সমস্যা সমাধান নকৰে তেতিয়া হলে উক্ত অঞ্চলটোৰ ৰাইজ চৰম দুৰ্যোগৰ সন্মুখীন হ'ব যে সেয়া এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে । উপায়বিহীন ৰাইজে অস্বাস্থ্যকৰ পৰিৱেশৰ মাজতেই জীৱন কটাবলৈ বাধ্য হৈছে ৷

লগতে পঢ়ক : Congress attack BJP : বিজেপি চৰকাৰে অসমত বোৱাব বিচাৰিছে ’সুৰাৰ গংগা’ !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.