ETV Bharat / state

কাজিৰঙাৰ গঁড় সুৰক্ষাৰ স্বাৰ্থত আনভাইনচ নামৰ বেচৰকাৰী সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ

গঁড় সুৰক্ষা বিষয়টো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ উদ্দেশ্যেৰে আনভাইনচ নামৰ বেচৰকাৰী সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ ৷ কাজিৰঙাত ‘ৰান ফ’ৰ দ্যা ৰাইন’ শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা আয়োজন ৷ প্ৰতিযোগিতাৰ পৰা সংগৃহীত ধনৰ এটা পৰিমাণ কাজিৰঙাৰ গঁড় সুৰক্ষা পুঁজিলৈ আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰে আনভাইনচৰ কৰ্তৃপক্ষই ৷

author img

By ETV Bharat Assamese Team

Published : Dec 3, 2023, 10:20 AM IST

Kaziranga Ultra Run 2023
কাজিৰঙাৰ গঁড় সুৰক্ষাৰ স্বাৰ্থত আনভাইন নামৰ বেচৰকাৰী সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ

কাজিৰঙা, 3 ডিচেম্বৰ : কাজিৰঙাৰ গঁড় সুৰক্ষা বিষয়টো ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ উদ্দেশ্যেৰে আনভাইনচ নামৰ বেচৰকাৰী সংগঠনে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰশাসনৰ উদ্যোগত আনভাইনচ নামৰ বেচৰকাৰী সংগঠনে দেওবাৰে আয়োজন কৰে ‘ৰান ফ’ৰ দ্যা ৰাইন’ শীৰ্ষক মাৰাথন দৌৰ প্ৰতিযোগিতা ৷ উক্ত প্ৰতিযোগিতাত দেশৰ 19 খন ৰাজ্যৰ লগতে বিদেশী ৰাষ্ট্ৰ জাপান আৰু বাংলাদেশৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে ৷ সৰ্বমুঠ 950 গৰাকী প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখন দেওবাৰে পুৱা কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ পৰা আৰম্ভ হয় ৷

দেওবাৰে পুৱা 5.30 বজাত আৰম্ভ হোৱা প্ৰতিযোগিতাৰ 52 কিঃমি শাখাৰ প্ৰতিযোগিতাৰ মুকলি কৰে আনভাইনচৰ মুখ্য কাৰ্যবাহী বিষয়া নিশিকান্ত দাসে ৷ উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে, 52 কিঃমি দৌৰ প্ৰতিযোগিতা অসমৰ প্ৰথম তথা একমাত্ৰ আল্ট্ৰা ৰাণ ৷ গঁড়ৰ সুৰক্ষাৰ লগতে শৰীৰ চৰ্চা আৰু সু-স্বাস্থ্যৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে এই প্ৰতিযোগিতাৰ জৰিয়তে ৷

আনহাতে, এই প্ৰতিযোগিতাৰ পৰা সংগৃহীত ধনৰ এটা পৰিমাণ কাজিৰঙাৰ গঁড় সুৰক্ষা পুঁজিলৈ আগবঢ়োৱা হয় ৷ চলিত বৰ্ষৰ 28 জানুৱাৰীত অনুষ্ঠিত প্ৰথম আনভাইনচ ৰান ফ’ৰ দ্যা ৰাইন’ আল্ট্ৰা ৰানত কাজিৰঙাৰ সফলতাৰ পিচত দেওবাৰে অনুষ্ঠিত হয় আলট্ৰা ৰানৰ দ্বিতীয় সংস্কৰণ ৷ এই কথা জানিবলৈ দিয়ে আয়োজক কমিটিয়ে ৷

প্ৰতিযোগিতাৰ সন্দৰ্ভত কয়, ‘‘এইবাৰ প্ৰতিযোগিতাত 52 কিল’মিটাৰৰ লগতে 26, 10 আৰু 5 কিঃমিটাৰ শাখাতো অংশগ্ৰহণকাৰীসকলে দৌৰাৰ সুযোগ লাভ কৰিব ৷ লগতে প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া অঞ্চলৰ গাঁও, পাহাৰ, চাহ বাগিচা আদিৰ মাজেৰে দৌৰাৰ ব্যতিক্ৰমী অভিজ্ঞতা অৰ্জন কৰিবলৈ সক্ষম হ’ব ৷ উক্ত প্ৰতিযোগিতাসমূহৰ বিজয়ীসকলক প্ৰদান কৰা হ’ব পুৰস্কাৰ ৷ আনহাতে 5 কিঃমিটাৰ শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে মেডেল আৰু প্ৰমাণ পত্ৰ লাভ কৰিব ।’’

লগতে পঢ়ক : ভালুকৰ সন্ধানত বন বিভাগৰ তীব্ৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.