ETV Bharat / state

এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা

author img

By

Published : Nov 28, 2019, 1:14 PM IST

Updated : Nov 28, 2019, 4:35 PM IST

হোজাই,গোলাঘাটৰ পাচত তিনিচুকীয়াৰ পানীতোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গেটত উৰিল নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন আলফা স্বাধীনৰ পতাকা ৷

এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা
এইবাৰ তিনিচুকীয়াত উৰিল আলফাৰ পতাকা

তিনিচুকীয়া, 28 নৱেম্বৰ: হোজাই, গোলাঘাটৰ পাচত বৃহস্পতিবাৰে তিনিচুকীয়াৰ পানীতোলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ গেটত উৰিল নিষিদ্ধ ঘোষিত সন্ত্ৰাসবাদী সংগঠন আলফা স্বাধীনৰ পতাকা ৷ ভাৰত চৰকাৰে 1990 চনৰ 27 নৱেম্বৰৰ মাজনিশা 12 বজাত লক্ষীপথাৰ শিবিৰত চলাইছিল অপ্যাৰেশ্যন বজৰং ৷ ইয়াৰ পিছতেই আলফাক নিষিদ্ধ ঘোষণা কৰিছিল কেন্দ্ৰ চৰকাৰে ৷ তেতিয়াৰ পৰাই 28 নৱেম্বৰ দিনটোত আলফাই পালন কৰি আহিছে প্ৰতিবাদ দিৱস হিচাপে ৷ বৃহস্পতিবাৰে পানীতোলাত আলফাৰ প্ৰতিবাদ দিৱসৰ লগত সংগতি ৰাখিয়েই এনে কাৰ্য কৰা বুলি সন্দেহ স্থানীয় ৰাইজৰ ৷

গোলাঘাটত উৰিল আলফা স্বাধীনৰ পতাকা

ইপিনে আজি গোলাঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজান তিনিআলিত উৰুৱাই থৈ যায় আলাফা স্বাধীনৰ দুখনকৈ পতাকা । পতাকাৰ তলত এখন প’ষ্টাৰত লিখা থাকে ‘‘সাৱধান, পতাকাৰ কাষলৈ নাযাব । বোমা আছে, জয় আই অসম’’৷ গোলাঘাট আৰক্ষীয়ে ৰঙাজান তিনিআলিৰ পৰা উদ্ধাৰ কৰে দুখন পতাকা আৰু এখন প’ষ্টাৰ ৷

আনহাতে হোজাই জিলাতো সক্ৰিয় ৰূপত দেখা পোৱা যায় আলফা স্বাধীনৰ গতিবিধি। হোজাইৰ কাকীৰ এখন মহাবিদ্যলয়ত উৰুৱাই আলফা স্বাধীনৰ পতাকা। ১ নং কাকী কনিষ্ঠ মহাবিদ্যালয়ৰ গেটত উত্তোলন কৰা হয় নিষিদ্ধ ঘোষিত সংগঠনটোৰ পতাকা । কাকী আৰক্ষী থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত সংঘটিত হয় এই ঘটনা ।

লগতে চাওক-হোজাই জিলাৰ কাকীত উৰিল আলফা স্বাধীনৰ পতাকা

Intro:Body:গোলাঘাটত উৰিল আলফাৰ পতাকা। গোলাঘাটৰ ৰঙাজানত উৰিল এই পতাকা। গোলাঘাটৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজান তিনিআলিত উৰুৱাই থৈছিল দুখনকৈ পতাকা। ইয়াৰ উপৰিও পতাকাৰ তলত "সাৱধান, পতাকাৰ কাষলৈ নাযাব। বোমা আছে, জয় আই অসম" লিখিত পোষ্টাৰ পেলাই থোৱা উদ্ধাৰ হয়। গোলাঘাট আৰক্ষীয়ে ৰঙাজান তিনিআলিৰ পৰা উদ্ধাৰ কৰে দুখন পতাকা আৰু এখন পোষ্টাৰ।Conclusion:Byte 1: স্থানীয় ব্যক্তি।
Byte 2: স্থানীয় মহিলা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Last Updated : Nov 28, 2019, 4:35 PM IST

For All Latest Updates

TAGGED:

ULFA-I flag
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.