গোলাঘাট,12 মে’: গোলাঘাট জিলাৰ নুমলীগড়ৰ 37নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত যোৰহাটৰ পৰা বিহাৰ অভিমুখে যাত্ৰা কৰা দুই যুৱক ৷ সোমবাৰে নিশা বিহাৰলৈ ৰিক্সাৰে যাত্ৰা কৰা যুৱক দুজন কৰ্মসূত্ৰে অসমত বাস কৰিছিল ৷ যোৰহাটত আবদ্ধ বিহাৰৰ দুই যুৱকৰ কাহিনীয়ে লক্ ডাউনৰ ফলত সৃষ্টি হোৱা দুখ-দুর্দশাৰ প্ৰকৃত ছবিখন প্ৰতিফলিত কৰে । সম্প্ৰতি দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা যুৱকদ্বয়ৰ ঘৰভাড়া পৰিশোধ কৰিবলৈ হাতত নাছিল ধন ৷ খাদ্য সংকটৰ সন্মুখীন হোৱা যুৱকদ্বয়ৰ ঘৰটোত মালিকে তলা লগাই দিয়াত এইদৰে ৰিক্সাৰে বিহাৰলৈ যাত্ৰা কৰিবলৈ বাধ্য হয় ৷
লগতে চাওকঃ তেল চুৰিৰ বাবেই বঙাইগাঁৱৰ ৰেলপথত অগ্নিকাণ্ড