গোলাঘাট, 19 মে' : ক'ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ চাৰিওফালে সান্ধ্য আইন চলি থকাৰ সময়তে গোলাঘাট জিলাৰ বৰপথাৰত দুটাকৈ নগা গৰু চোৰক আটক কৰা হয় ৷ বৰপথাৰৰ লাংঠাৰ ৰাইজে আটক কৰে গৰু চোৰ দুটাক ৷
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি দুখনকৈ চাৰিচকীয়া বাহন লৈ গৰু চোৰ কৰিবলৈ আহিছিল চোৰ কেইটাই ৷ পুৱতি নিশা চোৰ কেইটাৰ উমান পাই লাংঠা ৰাইজৰ মাজত হঠাৎ এক হুলস্থলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ ইয়াৰ পাচতে ৰাইজে চোৰ দুটাক খেদি খেদি কৰায়ত্ব কৰে ৷
বৰ্তমান বৰপথাৰ আৰক্ষীৰ জিম্মাত আছে ধৃত চোৰ কেইটা ৷ চোৰ দুটা নাগালেণ্ডৰ ভাণ্ডাৰি থানাৰ অন্তৰ্গত ফুটহিলচ অঞ্চলৰ বুলি বৰপথাৰ আৰক্ষীৰ সুত্ৰ জানিবলৈ দিছে ৷ লগতে নগা আৰক্ষীও বৰপথাৰ থানাত উপস্থিত হৈ ঘটনাৰ বুজ লয়। বৰ্তমান এই ঘটনাই বৰপথাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷