বোকাখাত, ২৯ জুলাই : গ্ৰীষ্মৰ বন্ধত আপোনাৰ সন্তানে কি কৰিলে ? কেনেদৰে বন্ধৰ দিনকেইটা কটালে ? কোনোৱে হয়টো আত্মীয়ৰ ঘৰলৈ ফুৰিবলৈ গৈছে, কোনোৱে সমনীয়াৰ সৈতে খেলি সময় কটাইছে । আন কোনোৱে আকৌ বিভিন্ন বিষয়ত প্ৰশিক্ষণ লৈছে ।
মুঠতে বন্ধৰ দিনকেইটা নিয়মীয়া পাঠ্যক্ৰমৰ পৰা বিৰতি লৈ বিভিন্ন ধৰণে সময় অতিবাহিত কৰিলে ছাত্ৰ-ছাত্ৰীসকলে । কিন্তু বোকাখাতৰ দুগৰাকী ছাত্ৰৰ কৰ্মৰাজিয়ে সকলোকে আনন্দিত কৰি তুলিছে । অযথা সময় অতিবাহিত নকৰি ছাত্ৰ দুগৰাকী এনে এটা কামত জড়িত হৈ পৰিলে যি কামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ল ।
ছাত্ৰ দুগৰাকীক লৈ এতিয়া চৰ্চা বোকাখাতত (Two students from Bokakhat are currently in the limeroom)। ছাত্ৰ দুগৰাকী হৈছে অংশুমান ফাংচু আৰু বিপ্লৱ পেগু । অংশুমান আৰু বিপ্লৱে গ্ৰীষ্ম বন্ধৰ দিনকেইটাত বোকাখাতৰ ৰাজপথৰ দেৱালবোৰত বিভিন্ন আকৰ্ষণীয় ছবি অংকন কৰিলে । চিত্ৰকলাৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা দুয়োগৰাকী ছাত্ৰই নিজৰ পৰিকল্পনাৰে বোকাখাত হিন্দী হাইস্কুলৰ পকী দেৱালবোৰ বিভিন্ন ছবিৰে আকৰ্ষণীয় কৰি তুলিলে ।
তেওঁলোকে অংকন কৰা প্ৰতিখন ছবিৰে আছে পৃথক পৃথক বাৰ্তা । প্ৰতিখন ছবিয়ে একো একোটা বিষয়ক প্ৰতিনিধিত্ব কৰিছে । বোকাখাত টাউন হাইস্কুলৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ দুগৰাকীৰ অসাধাৰণ ছবিবোৰে এতিয়া সকলোকে মুগ্ধ কৰি তুলিছে (Praise for wall painting of two students of Bokakhat)।
ছাত্ৰ দুগৰাকীৰ এনে কৰ্মক লৈ গৌৰৱান্বিত বোকাখাতবাসী । আনকি বহুতো লোকে ছাত্ৰ দুগৰাকীক ৰং তুলিকা যোগান ধৰি সহায় কৰাও দেখা গৈছে । ছাত্ৰ দুগৰাকীৰ প্ৰতিভা, তেওঁলোকৰ চিন্তাক সকলোৱে সমৰ্থন জনোৱাৰ লগতে ভৱিষ্যতৰ বাবে আশীৰ্বাদো দিছে বিভিন্নজনে ।
লগতে পঢ়ক :Assam Youth Olympics: তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে শান্তি কছাৰীয়ে