সৰুপথাৰ, 1 মাৰ্চঃ দেওবাৰে ধনশিৰি নদীত অঘটন ৷ বৰপথাৰৰ ছেৱাগুৰি অঞ্চলত ধনশিৰি নদীত গা ধুই থকা অৱস্থাতে পানীত ডুব যায় কামৰুজ মালাৰ আৰু চাদ্দিক আহমেদ নামৰ ছাত্ৰ দুজন ৷ নিৰুদ্দেশ হোৱা কামৰুজৰ বয়স 17 বছৰ হোৱাৰ বিপৰীতে চাদ্দিকৰ বয়স হৈছে 12 বছৰ ৷ পদুমনিৰ জীৱন উপহাৰ ইংলিছ স্কুলৰ ছাত্ৰ আছিল দুয়ো ৷
দুপৰীয়া আন দুগৰাকী বন্ধু ক্ৰমে জুন দুংদুং আৰু অমৰজিৎ কাশ্যপৰ লগত ছেৱাগুৰিৰ ধনশিৰি নদীত গা ধুবলৈ গৈছিল কামৰুজ মালাৰ আৰু চাদ্দিক আহমেদ ৷ গা ধুই থকা অৱস্থাতে হঠাৎ কামৰুজ আৰু চাদ্দিক দ পানীত সোমাই যায় ৷ কথমপি জুন আৰু অমৰজিতে সাঁতুৰি পাৰত উঠিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে ৷ আৰক্ষী, অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে সন্ধানহীন ছাত্ৰ দুগৰাকীক বিচাৰি নদীখনত অভিযান চলাই আছে যদিও তেওঁলোকৰ সন্ধান উলিয়াব পৰা নাই ৷