বোকাখাত, 30 আগষ্ট: বোকাখাতত গঁড়ৰ খৰ্গসহ দুটা চোৰাং চিকাৰী আটক (Poacher detained in Bokakhat)৷ প্ৰথমে আটক হোৱা গঁড় চিকাৰীটোৰ নাম ভক্ত বাহাদুৰ থাপা ৷ আনটোৰ নাম বুধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তে ৷ বোকাখাত আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত অভিযান চলাই প্ৰথমে আটক কৰে চোৰাং চিকাৰী ভক্ত বাহাদুৰ থাপাক ৷ চোৰাং চিকাৰীটোৰ পৰা এটা গঁড়ৰ খৰ্গ জব্দ কৰে আৰক্ষীয়ে (Rhino horn seized from poacher)৷ বোকাখাত চিপাহী গাঁৱৰ নিজৰ ঘৰৰ ভিতৰত থাপাই এটা মোনাৰ ভিতৰত লুকুৱাই ৰাখিছিল খৰ্গটো ৷ পূৰ্বেও গঁড়ৰ চোৰাং চিকাৰৰ সৈতে জড়িত আছিল ভক্ত বাহাদুৰ থাপা ৷
ইফালে ভক্ত বাহাদুৰ থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আমটেঙাৰ বুধেশ্বৰ চিন্তে ওৰফে বুধাই চিন্তে নামৰ আন এটা গঁড়ৰ খৰ্গ সৰবৰাহকাৰীক বোকাখাত আৰক্ষীয়ে বোকাখাত ৰাজহুৱা খেলপথাৰৰ সমীপৰ পৰা আটক কৰে ৷ দুই খৰ্গ সৰবৰাহকাৰীক লৈ বোকাখাত আৰক্ষীয়ে আন চিকাৰীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ জব্দ হোৱা খৰ্গটোৰ ওজন ২ কেজি ৩০০ গ্ৰাম বুলি আৰক্ষীয়ে জনাইছে (Rhino poacher detained) ৷
উল্লেখ্য যে, গঁড় খৰ্গৰ কোনো মূল্য নাই বুলি যোৱা বৰ্ষৰ ২১ ছেপ্তেম্বৰত বোকাখাত ৰাজহুৱা খেলপথাৰত বৃহৎ আয়োজনেৰে ২ হাজাৰতকৈও অধিক গঁড়ৰ খৰ্গ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত জ্বলাই দিয়া হৈছিল ৷ তাৰ পাছতো গঁড়ৰ খৰ্গৰ ব্যৱসায় অব্যাহত থকাটোৱে সকলোকে চিন্তিত কৰি তুলিছে (Rhino poaching in Assam) ৷
তথ্য অনুসৰি, এমাহ পূৰ্বে যোৰহাটৰ পুলিবৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই তিতাবৰৰ চেঙেলী চেতিয়া গাঁৱৰ কাদিৰ আহমেদ নামৰ খৰ্গ সৰবৰাহকাৰীটোক আটক কৰে ৷ লগতে আৰক্ষীয়ে কাদিৰৰ পৰা এটা গঁড়ৰ খৰ্গ জব্দ কৰে (Rhino horn seized in Jorhat) ৷ গোলাঘাটৰ কমাৰবন্ধাৰ পৰা কাদিৰে খৰ্গটো লৈ অহাৰ সন্দেহ প্ৰকাশ কৰিছিল আৰক্ষীয়ে ৷
তাৰোপৰি, মে’ মাহত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জীৱিত অৱস্থাতে এটা গঁড়ৰ খৰ্গ কাটি নিয়ে চোৰাং চিকাৰীয়ে (Poachers cut off rhino horns) ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ 15 নং মাগুৰমাৰীত সংঘটিত হয় এই ঘটনা ৷
লগতে পঢ়ক: Smugglers arrested with horn: গঁড়ৰ খৰ্গসহ আটক সৰবৰাহকাৰী