বোকাখাত, 8 জুলাই : বোকাখাতৰ সাপজুৰিত শুকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Road accident at Bokakhat) ৷ মালবাহী ট্ৰেইলাৰ আৰু গেচ পৰিবাহী টেংকাৰৰ মাজত হয় মুখামুখি সংঘৰ্ষ ৷
উল্লেখ্য যে, সাপজুৰিৰ লম্বু লাইন হোটেলৰ সমীপৰ ৩৭ নং ঘাইপথৰ দলঙৰ ওপৰত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুয়োখন গাড়ীৰ চালক(Two injured in road accident in Bokakhat)৷ আহত লোক দুজন ত্ৰিপুৰাৰ সুধীৰ নামা সুদ্ৰ (৪৫) আৰু মনিপুৰৰ সুবাস চন্দ্ৰ (৫০) বুলি জানিব পৰা গৈছে ৷
দুৰ্ঘটনাত পতিত টেংকাৰখনৰ নম্বৰ MN 06 T 1091 আৰু ট্ৰেইলাৰখনৰ নম্বৰ HR 46 D 5047 ৷ ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পিছতে আহত লোককেইজনক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে JMCH লৈ প্ৰেৰণ কৰা হয় ৷ বৰ্তমান সুবাস চন্দ্ৰ নামৰ চালকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : Artificial Flood in Nazira: ৰাইজে বাঁহ দি বন্ধ কৰিলে পথ