ETV Bharat / state

"চাৰিশাল গোসাঁনীৰ তেজ"ৰ স্ৰষ্টা আৰু নাই !

বিশিষ্ট উপন্যাসিকা, গল্পকাৰ, লেখিকা তথা নিবন্ধকাৰ তুলিকা শইকীয়াৰ দেহাৱসান

"চাৰিশাল গোসাঁনীৰ তেজ"ৰ স্ৰষ্টা আৰু নাই !
author img

By

Published : Apr 29, 2019, 5:50 PM IST

গোলাঘাট,29 এপ্ৰিলঃ ৰাজ্যবাসীৰ বাবে দুখবৰ । ৰাজ্যৰ এগৰাকী উদীয়মান লেখিকা তুলিকা শইকীয়া আৰু নাই । বিশিষ্ট উপন্যাসিকা, গল্পকাৰ, লেখিকা, নিৱন্ধকাৰ, ২০১৪ চনত মুনীন বৰকটকী বঁটা প্ৰাপ্ত, "চাৰিশাল গোসাঁনীৰ তেজ" নামৰ উপন্যাসৰ স্ৰষ্টা তুলিকা শইকীয়াৰ দেহাৱসান । বহু দিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ সোমবাৰে মৃত্যুক আকোৱালি লয় বিশিষ্ট লেখিকাগৰাকীয়ে ৷ তুলিকা শইকীয়াৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰে অসংখ্য গুণমুগ্ধ ।

"চাৰিশাল গোসাঁনীৰ তেজ"ৰ স্ৰষ্টা আৰু নাই !

তুলিকা শইকীয়া এনে এগৰাকী লেখিকা আছিল যাৰ কলমেৰে নিগৰিত হৈছিল বাস্তৱ সমাজৰ জীয়া ছবি । তেঁওৰ প্ৰথমখন উপন্যাসৰ বাবে মুনিন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল । যাৰ লিখনিয়ে বৌদ্ধিক জগতখনত সাঁচ বহুৱাই যাবলৈ সক্ষম হয় । মৃত্যুৰ সময়ত আধৰুৱা হৈ ৰ'ল তেঁওৰ মোৱামৰীয়া বিদ্ৰোহ বুৰঞ্জীমূলক উপন্যাস ৷ মৃত্যুৰ সময়ত নিজ স্বামী আৰু এগৰাকী কন্যা সন্তান এৰি থৈ যায় লেখিকাগৰাকীয়ে ৷ উল্লেখ্য যে , তুলিকা শইকীয়াৰ কন্যা স্ৰোতশ্ৰিনী তামুলীয়েও মাকৰ পদাংক অনুসৰণ কৰি এগৰাকী সু লেখিকা হিচাপে প্ৰতিষ্ঠিত হৈছে ।

Golaghat 29.04.2019
Slug : as_glt_tulika saikia_803,804,805_7205572
a_glt_tulika saikia_vis1_7205572
a_glt_tulika saikia_byte1_7205572
a_glt_tulika saikia_byte2_7205572
O.C : ৰাজ্যবাসীৰ বাবে দুখবৰ। বিশিষ্ট উপন্যাসিকা, গল্পকাৰ, লেখিকা, নিবন্ধকাৰ,২০১৪ চনত মুনীন বৰকটকী বটা প্ৰাপ্ত  , "চাৰিশাল গোসাঁনীৰ তেজ" নামৰ উপন্যাসখনৰ লেখিকা তুলিকা শইকীয়া আৰু নাই। বহু দিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ সোমবাৰে মৃত্যুক অকোৱালি লয় তুলিকা শইকীয়াই।
V.O. : ৰাজ্যৰ এগৰাকী উদীয়মান লেখিকা তুলিকা শ্ইকীয়া আৰু নাই। যাৰ কলমেৰে নিগৰিত হৈছিল বাস্তৱ সমাজৰ জীয়া ছবি।প্ৰকাশিত প্ৰথমখন উপন্যাসৰ বাবে মুনিন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। যাৰ লিখনিয়ে বৌদ্ধিক জগত খনত সাঁচ বহুৱাই যায়। মোৱামৰীয়া বিদ্ৰোহ বুৰঞ্জীমুলক উপন্যাস  মৃত্যুৰ সময়ত আধৰুৱা হৈ ৰল তুলিকা শইকীয়াৰ। মৃত্যুৰ সময়ত নিজ স্বামী আৰু এগৰাকী কন্যা সন্তান এৰি থৈ  যায় তুলিকা শইকীয়াই। "চাৰিশাল গোসাঁনীৰ তেজ" উপন্যাসৰ আধাৰত গোলাঘাটৰ সন্তান বিশ্বজিৎ বৰাই বোলছবি নিৰ্মাণৰ পূৰ্ব সিদ্ধান্ত মৃত্যুৰ সময়ত অৱগত কৰে‌ তুলিকা শইকীয়াৰ কন্যা স্ৰোতশ্ৰিনী তামূলীয়েও মাকৰ পদাংক অনুসৰণ কৰি এগৰাকী সু লেখিকা হিচাপে প্ৰতিস্থিত হৈছে। তুলিকা শ্ইকীয়াৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰে অসংখ্য গুণমুগ্ধ।
Byte 1: আত্মীয়
Byte 2 : সভাপতি, নতুন সাহিত্য পৰিষদ।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Footage send by ftp.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.