সৰুপথাৰ,8 আগষ্টঃ এগৰাকী 14 বছৰীয়া সাহসী কিশোৰী ৷ পিতৃ-মাতৃ অবিহনে জীৱন যুদ্ধত আগবাঢ়িছে কিশোৰীগৰাকী ৷ সাহসী কিশোৰীগৰাকীয়ে পৰিয়াল পোহপাল দি আহিছে অকলেই ৷ কিশোৰী গৰাকীৰ নাম ৰূপালী কিস্কু ৷ ৰূপালীৰ ঘৰ ধনশিৰি মহকুমাৰ বৰপথাৰৰ ২ নং প্ৰেমহৰা মাঝি গাঁৱত ৷ ৰূপালীৰ ধৈৰ্য, সাহস আৰু দায়িত্ববোধে অন্তৰ চুই যাব আপোনাৰো ৷
পিতৃৰ বিয়োগৰ পিছত মাতৃয়েও সন্তানক এৰি আঁতৰি যায় অন্য ঠাইলৈ ৷ কিন্তু সাহসী ৰূপালীয়ে ঘৰৰ ডাঙৰ জীয়ৰী হিচাপে কান্ধ পাতি লয় ঘৰখনৰ সমস্ত দায়িত্ব ৷ নিজৰ পঢ়া নৱম শ্ৰেণীতে সামৰি ৰূপালীয়ে দিন হাজিৰা কৰি পঢ়াই আছে নিজৰ দুই ভায়েক- ভনীয়েকক ৷
তিনিওটি বাস কৰি আছে এটী জৰাজীৰ্ণ ঘৰত ৷ চৰকাৰী গৃহটো বাদেই তেওঁলোকে পোৱা নাই এখন ৰেচন কাৰ্ডো, চৰকাৰী সকলো সা-সুবিধাৰ পৰাই বঞ্চিত এই দুৰ্ভগীয়া তথা বিশেষ পৰিয়ালটো ৷
কিন্তু এইখিনিতে প্ৰশ্ন হয়, কিয় এনে দৃশ্য সমূহ চকুত নপৰে জনপ্ৰতিনিধি তথা স্থানীয় প্ৰশাসনৰ বৰমূৰীয়া সকলৰ ? ৰূপালীহঁতৰ দৰে সঁচা অৰ্থত অভাৱী পৰিয়ালৰ প্ৰতি কেতিয়াবা সদয় হ'বনে চৰকাৰ প্ৰশাসন ৷ নে তেওঁলোকে কেৱল আঁচনি তথা সুবিধা সমূহ ঘোষণা কৰিয়েই নিজৰ দ্বায়িত্ব সামৰিব ৷