ETV Bharat / state

গৰিয়াজান বাগিছাৰ 40 শিক্ষাৰ্থীক পাঠদান তিনিগৰাকী মহিলাৰ

চাহ বাগিছা অঞ্চলৰ বহু পৰিয়ালৰেই ম'বাইল কিম্বা ইন্টাৰনেটৰ সুবিধা নথকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাত আহিব পৰা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি, খুমটাইৰ সমীপৱৰ্তী গৰিয়াজান চাহ বাগিছাৰ প্ৰায়, ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক নিজ গৃহতে পাঠদান কৰি আছে বাগিছাখনৰ তিনিগৰাকী মহিলাই ।

author img

By

Published : May 2, 2020, 8:01 PM IST

three woman teaches the students of tea garden area in khumtai

খুমটাই, 2 মে': লক্ ডাউনৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ ফলত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে শিক্ষাৰ্থীসকল । বিশেষকৈ চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলতসমূহত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰা বুলি জানিব পৰা গৈছে । কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে চৰকাৰে অনলাইন পাঠদান আৰম্ভ কৰিছে যদিও, চাহ বাগিছা অঞ্চলৰ বহু পৰিয়ালৰেই নাই এটা ভাল ম'বাইল কিম্বা ইন্টাৰনেটৰ সুবিধা । দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা খুমটাইৰ সমীপৱৰ্তী গৰিয়াজান চাহ বাগিছাৰ প্ৰায়, ৪০ গৰাকী ছাত্ৰ-ছাত্ৰীক নিজ গৃহতে পাঠদান কৰিছে বাগিছাখনৰ তিনিগৰাকী মহিলাই ।

গৰিয়াজান বাগিছাৰ 40 গৰাকী শিক্ষাৰ্থীক পাঠদান তিনিগৰাকী মহিলাৰ

বাগিছাখনৰ জোনমনি তাঁতী, জোনালী তাঁতী আৰু ৰেণু তাঁতী নামৰ তিনিগৰাকী মহিলাই ছাত্ৰ-ছাত্ৰীসকলক বিগত প্ৰায় দুসপ্তাহৰ পৰা নিজ গৃহতে পাঠদান কৰাৰ উপৰিও খাদ্য আৰু পঢ়াৰ আহিলা আদিও প্ৰদান কৰিছে । এই অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত থকা ইন্টাৰনেট সেৱা বা ম'বাইলৰ অভাৱে, বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত হ'ব পৰা ক্ষতিৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, মহিলা তিনিগৰাকীয়ে এই পদক্ষেপ গ্ৰহণ কৰে । শনিবাৰে বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু গৰিয়াজান আটছাই ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰা মহিলা কেইগৰাকীক ধন্যবাদ জনোৱাৰ লগতে কিছু সামগ্ৰী প্ৰদান কৰে ।

লগতে পঢ়কঃ ভাৰতবৰ্ষত COVID-19ৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.