যোৰহাট,৫ আগষ্ট: ৰাজ্যত ক্ৰমাৎ বাঢ়িবলৈ ধৰিছে অপৰাধজনিত ঘটনা । চুৰি-ডকাইতিৰ দৰে ঘটনাই মূৰৰ কামোৰণিৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ । খাটি খোৱাজনৰ পৰা আৰক্ষীলৈকে সকলোৱে যেন ভূগিছে নিৰাপত্তাহীনতাত । এইবাৰ যেন সকলো অতিক্ৰম কৰি বেজৰ নাকতেই খৰে খালে । খোদ আৰক্ষী ঘৰতেই চোৰে চলালে চাফাই অভিযান । আৰক্ষী থানা সন্মুখতে ন্যায় বিচাৰি ভুক্তভোগী আৰক্ষীৰ পৰিয়ালে কান্দি উঠিল ।
চোৰে সিন্ধি দিলে খোদ আৰক্ষী বিভাগত কৰ্মৰত এজন লোকৰ বাসগৃহত । দেৰগাঁৱৰ সমীপৱতী লঠাগাঁৱৰ নিৱাসী তথা আৰক্ষী বিভাগত কৰ্মৰত ৰবীন কুমাৰ নাথৰ বাসগৃহত শুকুৰবাৰে পুৱতি নিশা বৰষুণৰ সুযোগ গ্ৰহণ কৰি চোৰে চলায় লুটপাত । চোৰে আৰক্ষী বিভাগত কৰ্মৰত নাথৰ বাসগৃহ পৰা বহু সোণৰ আ-অলংকাৰ, বিভিন্ন নথি পত্ৰ আৰু নগদ ধন লৈ উধাও হয় ।
আনহাতে, ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়া অনুসৰি পুৱতি নিশা অহা বৰষুণৰ সুযোগ গ্ৰহণ কৰি চোৰ দলটোৱে আৰক্ষী লোকজনৰ বাসগৃহত প্ৰৱেশ কৰি চাৰিযোৰ সোণৰ কাণ ফুলি, সোণৰ চেইন, পায়েল, মনিবেগত থোৱা নগদ ২০ হাজাৰ টকা, নতুনকৈ ঘৰ নিৰ্মাণ বাবে সাচি ৰখা কিছু টকা তথা বিভিন্ন প্ৰসাধন সামগ্ৰী আৰু মবাইল ফোন লৈ যায় । ইয়াৰ উপৰিও বাসগৃহটোত পোৱা বিভিন্ন আচবাব-পত্ৰ পথত পেলাই নষ্ট কৰি থৈ যায় ।
ইমানতে ক্ষান্ত নাথাকি চোৰৰ দলটোৱে আৰক্ষী লোকজনৰ ইউনিফৰ্মযোৰ নষ্ট কৰি দূৰৈত পেলাই থৈ যায় বুলি জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালটোৱে । ইতিমধ্যে ভুক্তভোগী পৰিয়ালটোৱে শনিবাৰে এই ঘটনা সন্দৰ্ভত আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । সম্প্ৰতি আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।
উল্লেখ্য কৰা প্ৰয়োজন যে আৰক্ষীয়ে যদি নিৰাপত্তাহীনতাত ভুগিব লগা হয় তেতিয়া হলে সাধাৰণ জনতাৰ অৱস্থা কি হ'ব বুলি প্ৰশ্ন উত্থাপন কৰিছে দেৰগাঁৱৰ সচেতন ৰাইজে । আনহাতে বৰ্তমান যে দেৰগাঁওবাসী ৰাইজে নিৰাপত্তাহীনতাত ভুগিছে সেয়া এই ঘটনাই স্পষ্ট ৰূপত প্ৰমাণ কৰিছে ।
লগতে পঢ়ক: Japanese encephalitis in Assam: ৰাজ্যত ২৫৪ জন লোক জাপনীজ এনকেফেলাইটিছত আক্ৰান্ত