- গোলাঘাট নগৰস্থিত বৰুৱা বেকাৰীত দিন দুপৰতে চুৰি ড্ৰাগছ আসক্ত যুৱকৰ
- দোকানৰ গৰাকী বাহিৰলৈ ওলাই যোৱাৰ সুযোগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন চুৰি যুৱকৰ
- স্থানীয় লোকে পাছত বজাৰৰ পৰা আটক কৰে চোৰটোক
- আটকাধীন চোৰটো গোলাঘাটৰ শান্তিপুৰৰ চামিম আলি বুলি চিনাক্ত
- কিছুদিন পূৰ্বে গোলাঘাটৰ শঙ্কৰ বুক ষ্ট'ল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কৰিছিল যুৱকজনে
- চুৰিৰ সমগ্র চুৰি দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত
- চিচিটিভিৰ ফুটেজৰ ভিত্তিত শুকুৰবাৰে স্থানীয় লোকে আটক কৰে চামিম আলিক
গোলাঘাটত আটক ড্ৰাগছ আসক্ত যুৱকৰ চুৰিকাণ্ড - Etv Bharat
গোলাঘাট নগৰৰ মাজমজিয়াত দিন দুপৰতে চোৰৰ সন্ত্ৰাস । ড্ৰাগছ আসক্ত যুৱকে ভাঙিলে বেকাৰীৰ লকাৰ ।
গোলাঘাটত আটক ড্ৰাগছ আসক্ত চুৰ
- গোলাঘাট নগৰস্থিত বৰুৱা বেকাৰীত দিন দুপৰতে চুৰি ড্ৰাগছ আসক্ত যুৱকৰ
- দোকানৰ গৰাকী বাহিৰলৈ ওলাই যোৱাৰ সুযোগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা ধন চুৰি যুৱকৰ
- স্থানীয় লোকে পাছত বজাৰৰ পৰা আটক কৰে চোৰটোক
- আটকাধীন চোৰটো গোলাঘাটৰ শান্তিপুৰৰ চামিম আলি বুলি চিনাক্ত
- কিছুদিন পূৰ্বে গোলাঘাটৰ শঙ্কৰ বুক ষ্ট'ল নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চুৰি কৰিছিল যুৱকজনে
- চুৰিৰ সমগ্র চুৰি দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত
- চিচিটিভিৰ ফুটেজৰ ভিত্তিত শুকুৰবাৰে স্থানীয় লোকে আটক কৰে চামিম আলিক
Intro:গোলাঘাট নগৰৰ মাজমজিয়াত দিন দুপৰতে চোৰৰ সন্ত্ৰাস। ড্ৰাগছ আসক্তই ড্ৰাগছ সেৱন কৰিবলৈ নাপাই ভাঙিলে বেকাৰীৰ লকাৰ। গোলাঘাটৰ বৰুৱা বেকাৰীৰ লকাৰ ভাঙি চামিম আলি নামৰ ড্ৰাগছ আসক্ত চোৰে লুটিলে ধন।ইয়াৰোপৰি গোলাঘাট বাটা পইণ্টস্থিত শঙ্কৰ বুক ষ্টলৰ পৰাও চোৰে লুটিলে ধন।সমগ্র চুৰি দৃশ্য চি চি টিভি কেমেৰাত বন্দী হোৱাৰ পাছত ৰাইজে চোৰ চামিম আলিক ধৰি গতালে গোলাঘাট আৰক্ষীক।Body:গোলাঘাট নগৰত চোৰৰ সন্ত্ৰাস। ড্ৰাগছ সেৱনৰ বাবেই চোৰৰ পন্থা হাতত তুলি লৈছে গোলাঘাটৰ একাংশ চোৰ। গোলাঘাট নগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সঘনাই সংঘটিত হৈ আহিছে চোৰৰ কাৰ্য। দিন দুপৰত দোকানৰ গৰাকীয়ে বাহিৰলৈ ওলাই যোৱাৰ সুযোগ বুজি চোৰে চাফাই চলাই ব্যৱসায়িক প্ৰতিষ্ঠানৰ নগদ ধন ৰখা বাকচ। বহু সময় ধৰি এইধৰণে চুৰিকাণ্ড সংঘটিত হৈ অহাক লৈ এইবাৰ দোকানৰ গৰাকীয়ে সস্তম হৈ আছিল চোৰ ধৰিবলৈ। তেনে সময়তে চামিম আলি নামৰ এই চোৰটোৱে নগৰৰ মাজমজিয়াত থকা বৰুৱা বেকাৰীৰ পৰা লকাৰ ভাঙি চাফাই কৰে ২৮শ টকা। আনহাতে পূৰ্বতে যোৱা ৩০ জুলাইত চামিম আলি নামৰ চোৰটোৱে শংকৰ বুক ষ্ট'লৰ পৰা লুটি নিছিল ধন। শংকৰ বুক ষ্ট'লৰ চিচিটিভি ত আৱদ্ধ হৈছিল চোৰটোৰ কাৰ্য। বৰুৱা বেকাৰীৰ পৰা আজি ধন লুটাৰ পিছতেই বজাৰৰ পৰা চোৰটোক ধৰিবলৈ সক্ষম হয় স্থানীয় লোকে। চোৰটোৰ ঘৰ গোলাঘাটৰ শান্তিপুৰত।Conclusion:Byte 1: বৰুৱা বেকাৰীৰ গৰাকী।
Byte 2: শংকৰ বুক ষ্ট'লৰ গৰাকী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।
Byte 2: শংকৰ বুক ষ্ট'লৰ গৰাকী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।