গোলাঘাট,14 জুনঃ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিন ধৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছিল এটা চোৰৰ দলে ৷ নিশা হ'লেই চোৰৰ দলে লক্ষ্য কৰি লয় ৰোগীৰ অভিভাৱকসকলক ৷ শুকুৰবাৰে মোবাইল চুৰি কৰিবলৈ যাওতেই গোলাঘাট আৰক্ষীয়ে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা আটক কৰিবলৈ সক্ষম হয় এটা চোৰক ৷ আটকাধীন চোৰটোৰ নাম ৰাহুল দাস ওৰফে বিনোদ ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰাহুলৰ লগতে তিনিটা চোৰৰ এটা দলে মোবাইল আৰু নগদ ধন চুৰ কৰি ৰোগী আৰু চিকিৎসালয়লৈ অহা বহুলোকৰ মাজত সন্ত্ৰাস চলাই আহিছিল ৷ যোৱা নিশা চোৰৰ দলটোৱে মোবাইল চুৰি কৰিবলৈ যাওতেই ৰাহুল নামৰ এই চোৰটোক হাটে লুটে ধৰা পেলাই চিকিৎসালয়ত উপস্থিত থকা ৰাইজে ৷ অৱশেষত ৰাইজে চোৰটোক উত্তম মধ্যম সোধাই গোলাঘাট আৰক্ষীক চমজাই দিয়ে ৷ পিছত গ্ৰেপ্তাৰ হোৱা চোৰটোৱে শালমৰাৰ তিনিজন ক্ৰমে বিজয়,চাহিল আৰু অমৃত নামৰ আন তিনিটা চোৰৰ লগত চিকিৎসালয়খনত চুৰি কাৰ্য সংঘটিত কৰা বুলি জনায় ৷
নামঘৰ-মন্দিৰত নহয় চোৰ সোমাল চিকিৎসালয়ত ! - গ্ৰেপ্তাৰ
গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত আটক মোবাইল চোৰ