ETV Bharat / state

নিশা গোলাঘাট চহৰৰ সৰ্বে-সৰ্বা হৈ পৰে চোৰ !

আৰক্ষীৰ নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰি গোলাঘাটত চোৰৰ তাণ্ডৱ ৷ টোপনি হৰিছে চহৰখনৰ সাধাৰণ জনতাৰ (Thief in Golagaht )। সবিশেষ জানো আহক ৷

author img

By

Published : Dec 20, 2021, 8:45 PM IST

thief-activity-in-golaghat
নিশা গোলাঘাট চহৰৰ সৰ্বে-সৰ্বা হৈ পৰে চোৰ !

গোলাঘাট, 20 ডিচেম্বৰ : গোলাঘাটত আৰক্ষীৰ বাহিনীক অস্তিত্ব বিহীন কৰি এতিয়া চোৰৰ দপদপনি চলিছে বুলি উঠিছে অভিযোগ । নিজৰ কষ্টোপাৰ্জিত সম্পত্তি ৰক্ষা কৰাৰ চিন্তাত এতিয়া টোপনি হৰিছে চহৰখনৰ সাধাৰণ জনতাৰ(Thief in Golagaht ) । ইফালে, চহৰখনত নিতৌ সংঘটিত চুৰি কাৰ্য ৰোধৰ প্ৰতি আৰক্ষী প্ৰশাসন মুঠেই চিন্তিত নহয় বুলিও অভিযোগ কৰিছে ৰাইজে(Thief activity in Golaghat) । পিছে আৰক্ষীৰ এই নিৰ্বিকাৰ ভূমিকাৰ সুযোগ গ্ৰহণ কৰি গোলাঘাটত চোৰে দুগুণে চলাই গৈছে চাফাই অভিযান ।

চহৰখনত নিশা আৰক্ষী নহয় চোৰৰহে টিঘিল-ঘিলনি চলে বুলি অভিযোগ ৰাইজৰ (Police failing to catch thief in Golaghat) । একেদৰে দেওবাৰে নিশাও চহৰখনৰ নতুন আমোলাপট্টীৰ পৰা চুৰি হয় এখন পালচাৰ বাইক । অঞ্চলটোত ভাৰাতীয়া হিচাপে থকা অভিজিত বৰা নামৰ যুৱকজনৰ ঘৰৰ চাৰিবেৰাৰ ভিতৰৰ পৰা চোৰে লৈ যায় যুৱকজনৰ বাহনখন (Bike stolen from Golaghat) ।

ইয়াৰোপৰি, গোলাঘাটৰ গণপতি ট্ৰেডাৰ্চ, অট' ৱৰ্ল্ড হিৰ', প্ৰিমিয়াৰ টি ফেক্টৰী আদিত সংঘটিত চুৰিকাৰ্যৰ কোনো এটাৰে শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী । গোলাঘাট আৰক্ষীৰ এনে অস্তিত্বহীনতাক লৈ এতিয়া উপায়হীন হৈ পৰিছে জনতা ।

লগতে পঢ়ক : Two groups clash: মুকালমুৱাৰ চান্দাত দুই ফৈদৰ মাজত তুমুল সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.