ETV Bharat / state

গোলাঘাট সদৰ থানাৰ সমীপতে নিশা চোৰৰ চাফাই অভিযান

author img

By

Published : Dec 14, 2021, 5:42 PM IST

গোলাঘাট সদৰ থানাৰ পৰা কিছু নিলগতে নিশা চোৰে চলালে চাফাই অভিযান ৷ গণপতি ট্ৰেড এণ্ড ইলেকট্ৰিকেল নামৰ এখন হাৰ্ডৱেৰৰ দোকানৰ পৰা লুটি নিলে নগদ ৬০ হাজাৰ টকা ৷ সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হৈ ৰ’ল চিচিটিভি কেমেৰাত ৷

Thief in Golaghat
গোলাঘাটত সোমবাৰে নিশা চোৰৰ চাফাই অভিযান

গোলাঘাট, 14 ডিচেম্বৰ: গোলাঘাট নগৰৰ গণপতি ট্ৰেড এণ্ড ইলেকট্ৰিকেল নামৰ এখন হাৰ্ডৱেৰ ব্যৱসায়ী প্ৰতিষ্ঠানত সোমবাৰে নিশা চোৰে চলালে চাফাই অভিযান । গোলাঘাট সদৰ থানাৰ(Golaghat Police Station) পৰা প্ৰায় ৩০০ মিটাৰ দূৰত্বত অৱস্থিত ব্যৱসায়ী প্ৰতিষ্ঠানখনত সংঘটিত হোৱা এই চুৰিকাণ্ডই গোলাঘাট নগৰৰ নিৰাপত্তাৰ দিশৰ প্ৰতি আৰক্ষী প্ৰশাসন কিমান সষ্টম তাকে প্ৰমাণিত কৰিছে ।

সোমবাৰে নিশা ব্যৱসায়ী প্ৰতিষ্ঠানখনৰ পিছফালৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে লুটি নিয়ে ৬০ হাজাৰ টকা । মঙলবাৰে পুৱা ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ পাছতহে নিশা চুৰি হোৱাৰ কথা জানিব পৰা যায় । অৱশ্যে প্ৰতিষ্ঠানখনত সংযুক্ত হৈ থকা চিচিটিভি কেমেৰাত সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হয় ।

গোলাঘাটত সোমবাৰে নিশা চোৰৰ চাফাই অভিযান

প্ৰতিষ্ঠানখনৰ গৰাকীয়ে আৰক্ষীক বিষয়টো অৱগত কৰে যদিও বহু সময়লৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱা পৰিলক্ষিত নহ’ল ।

উল্লেখ্য যে, নগৰখনত প্ৰায়েই বাইককে ধৰি বিভিন্ন চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈ অহাৰ পাছতো গোলাঘাট আৰক্ষীয়ে এইসমূহ ৰোধ কৰাৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই । ইয়াৰ পূৰ্বেও নগৰখনত সান্ধ্য আইন বলৱৎ হৈ থকাৰ মাজতো কেইবাটাও চুৰিকাণ্ড সংঘটিত হৈছিল । যাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত সাধাৰণ জনতাৰ প্ৰশ্নৰ সন্মুখীন হৈ আহিছে গোলাঘাট আৰক্ষী ।

লগতে পঢ়ক: Maradona's stolen Watch: ডুবাইত চুৰি হোৱা মাৰাডোনাৰ ঘড়ী উদ্ধাৰ হ'ল শিৱসাগৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.