গোলাঘাট, 28 মে': দেশজুৰি বাহাল থকা লক ডাউনৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ইটোৰ পিছত সিটো চুৰিৰ ঘটনা ৷ ইয়াৰ মাজতে মঙলবাৰে নিশা গোলাঘাট জিলাৰ মেৰাপানীত সংঘটিত হয় এক ব্যতিক্ৰমী চুৰিৰ ঘটনা ৷ ঈদৰ আনন্দ উল্লাসৰ মাজতে মেৰাপানীৰ মিকিৰপট্টি তিনিআলিৰ অৱসৰপ্ৰাপ্ত শিক্ষক চাহজাহান আহমেদৰ ঘৰৰ পৰা চোৰে লুটি নিলে প্ৰায় 2 লক্ষাধিক টকাৰ সা-সম্পত্তি ৷ কেৱল চোৰ কৰিয়েই ক্ষান্ত নাথাকি ব্যক্তি জনৰ বাসগৃহৰ পাক ঘৰত চোৰে নিজেই বনাই খাই গল চাহ ৷
জানিব পৰা মতে, মঙলবাৰে ঈদ উপলক্ষে তিতাবৰৰ পুৰণি গৃহলৈ গৈছিল শিক্ষক চাহজাহান আহমেদ সহ তেঁওৰ পৰিয়াল ৷ ইয়াৰ সুযোগ লৈ নিশা আলমিৰা ভাঙি সোণৰ আ-অলংকাৰৰ, নগদ ধনৰ সহিতে বহু মূল্যবান সা-সামগ্ৰী লুটি নিয়ে চোৰে ৷ লুটপাটতে ক্ষান্ত নাথাকি আহমেদৰ ৰান্ধনীশালত গেছ জ্বলাই চাহৰ জুতি ল'বলৈও নাপাহৰিলে চোৰে ৷ বুধবাৰে পুৱা পৰিয়ালটো ঘৰলৈ উভতি আহি ঘৰৰ ভিতৰৰ পৰিবেশ প্ৰতক্ষ্য কৰি মেৰাপানী আৰক্ষীক খবৰ দিয়ে ৷
আৰক্ষীয়ে ততাতৈয়াকৈ তদন্ত আৰম্ভ কৰাৰ লগতে স্নীফাৰ ডগৰ সহায়ত চোৰৰ সন্ধান আৰম্ভ কৰে যদিও বৰ্তমানলৈকে চোৰৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত একপ্ৰকাৰ কৌতুহলৰ সৃষ্টি হৈছে ৷