ETV Bharat / state

কোনে ৰচনা কৰিছিল পাপনৰ জনপ্ৰিয় গীত ‘শ্যামৰায় কলিয়া’ ? - Papon

এটা অতিকৈ চিনাকী গীত.. বহু চৰ্চিত বহু জনপ্ৰিয়... বিশ্বৰ দৰবাৰত অসমীয়া লোকসংগীতক চিনাকী কৰাই দিয়া এই গীতটো জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই পৰিৱেশন কৰিছিল জনপ্ৰিয় টিভি চেনেল MTV ত প্ৰচাৰ হোৱা COKE STUDIO ত ৷ কিন্তু এই গীতটিৰ প্ৰকৃত শ্ৰষ্টা কোন আপুনি জানেনে ? চাঁওক এই প্ৰতিবেদন...

who-created-that-popular-song-sung-by-papan-etv-bharat-assam-news
কোনে সৃষ্টি কৰিছিল পাপনে গোৱা সেই জনপ্ৰিয় গীতটি ?
author img

By

Published : Aug 27, 2021, 2:31 PM IST

দেৰগাঁও, 27 আগষ্ট : এটা অতিকৈ চিনাকী গীত .. বহু চৰ্চিত বহু জনপ্ৰিয়...বিশ্বৰ দৰবাৰত অসমীয়া লোকসংগীতক চিনাকী কৰি দিয়া এই গীতটো ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিৱেশন কৰিছিল জনপ্ৰিয় কন্ঠশিল্পী অংগৰাগ পাপন মহন্তই ৷ এই গীতটো হৈছে ‘শ্যামৰায় কলীয়া’ ৷ জনপ্ৰিয় টিভি চেনেল MTV ত প্ৰচাৰ হোৱা COKE STUDIO ব্যাপক চৰ্চা লাভ কৰিছিল এই গীতটোৱে ৷

এই গীতটো গোৱা শিল্পীগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তক আমি সকলোৱে চিনি পাওঁ ৷ কিন্তু এই গীতটিৰ আঁৰত আছে আন এগৰাকী ব্যক্তিহে ৷ তেওঁ হ’ল 90 দশকৰ এগৰাকী শিল্পী ৷ 90ৰ দশকৰ এই সংগীত শিল্পীগৰাকীৰ নাম হ’ল দুলাল বৰা । এইগৰাকী শিল্পীয়ে 90 দশকত ৰচনা কৰিছিল বহু ভক্তিমূলক গীত ।

কোনে ৰচনা কৰিছিল পাপনৰ জনপ্ৰিয় গীত ‘শ্যামৰায় কলিয়া’ ?

তেওঁৰ পৰিচালনাত প্ৰস্তুত হৈছিল বহু গীতৰ কেছেট । পাপনৰ কণ্ঠত জনপ্ৰিয় হোৱা ‘শ্যামৰায় কলীয়া’ গীতটিও সৃষ্টি কৰিছিল এইগৰাকী শিল্পীয়েই ।

90 দশকত প্ৰস্তুত হোৱা 'বান্ধৱ কৃষ্ণ' নামৰ এখন কেছেটত পাপনৰ পিতৃ খগেন মহন্তই কণ্ঠদান কৰিছিল দুলাল বৰাই সৃষ্টি কৰা 'শ্যামৰাই কলীয়া' গীতটিত । সেই সময়ত কৰুণা সাগৰ , প্ৰাণ কৃষ্ণ , অষ্টমী তিথি, কেশৱ ৰায় আদি বহু কেছেট পৰিচালনা কৰিছিল দুলাল বৰাই । কিন্তু আজিও বহু লোকে নাজানে ‘শ্যামৰায় কলীয়া’ৰ স্ৰষ্টা দুলাল বৰাক ।

একালৰ ভক্তিমূলক সংগীতৰ জগতখনৰ চিনাকী নাম দুলাল বৰা এতিয়া অৱহেলিত । দেৰগাৱঁত এখন সৰু হোটেলৰ ব্যৱসায় কৰি জীৱন পাৰ কৰিছে দুলাল বৰাই । সকলোৱে আঁকোৱালি লোৱা এইজন দুলাল বৰাই জনপ্ৰিয় ‘শ্যামৰায় কলিয়া’ গীতটি শুনি আনন্দিত হৈ পৰিছে নৱ প্ৰজন্ম । কিন্তু শিল্পীগৰাকীৰ আক্ষেপ গীতটি পৰৱেশনৰ সময়ত পাপনে এবৰলৈ নল’লে তেওঁৰ নাম ৷

পাপনে তেওঁৰ পিতৃয়ে গোৱা গীতটোৰ আঁৰৰ মানুহজনক তথা গীতটোৰ সৃষ্টিকৰ্তাজনক ধন্যবাদ দিয়াৰ প্ৰয়োজন আছিল বুলি প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ৷ উল্লেখ্য যে, শিল্পীগৰাকীয়ে পুনৰ সংগীত জগতলৈ ঘূৰি যাবনে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ বৰ্তমান পূৰ্বৰ দৰে চৰ্চা নাই তথাপি পূৰ্বৰ দৰে বিশিষ্ট ব্যক্তিৰ সান্নিধ্য় পালে পুনৰ ঘূৰি যোৱাৰ আশা ব্যক্ত কৰে ৷

লগতে পঢ়ক:মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে নাম-প্ৰসংগৰে মুখৰিত বৰপেটা সত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.