ETV Bharat / state

খুমটাইত বন্যহস্তীয়ে নিদ্ৰা হৰিছে স্থানীয় ৰাইজৰ - মেলামৰা, বৰপথাৰ

খুমটাইৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱৰ ফলত এতিয়া হাৰাশাস্তিত ভুগিছে স্থানীয় ৰাইজ ৷ হাতীয়ে প্ৰায় দহটাৰো অধিক বাসগৃহ আৰু ভঁৰাল ভাঙি তহিলং কৰে যদিও হাতী অহা উমান পাই নিৰাপদ স্থানলৈ অৱস্থান কৰে ঘৰত থকা লোকসকলে ।

খুমটাইত বনৰীয়া হাতীয়ে তচনত কৰিলে বিভিন্ন অঞ্চল

author img

By

Published : Dec 20, 2020, 3:34 PM IST

খুমটাই, 20 ডিচেম্বৰ : খুমটাইৰ চিনাতলী ,শাওতলী, শেনচোৱা, মেলামৰা, বৰপথাৰ, আদি স্থানত প্ৰায় ৩০ জনীয়া এটা হাতীৰ জাকৰ মুক্ত বিচৰণৰ ফলত আতংকিত হৈ পৰিছে অঞ্চলবাসী ৰাইজ । বন্যহস্তীৰ ত্ৰাসে বিগত কেইবাদিনৰ পৰা নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ ।

খুমটাইত বনৰীয়া হাতীয়ে তচনত কৰিলে বিভিন্ন অঞ্চল
খুমটাইত বনৰীয়া হাতীয়ে তচনত কৰিলে বিভিন্ন অঞ্চল

শনিবাৰে আৱৰঘাটত অৱস্থান কৰি থকা হাতীৰ জাকটোৱে নিশা ধোদৰআলি পাৰ হৈ চিনাতলী,গৰঙা, শাঁওতলী,হাবিছোৱা-বৰপথাৰ,মেলামৰা, নতুনমাটি ইছলামপট্টি আদি কেইবাখনো গাঁৱত প্ৰৱেশ কৰি প্ৰায় দহটাৰো অধিক বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি উদং কৰিছে ৷ হাতীৰ উপদ্ৰপত দিশহাৰা হৈছে ঘন জনবসতিপূৰ্ণ অঞ্চলকেইটাৰ ৰাইজ ।

খুমটাইত বন্যহস্তীয়ে নিদ্ৰা হৰিছে স্থানীয় ৰাইজৰ

হাতীয়ে প্ৰায় দহটাৰো অধিক বাসগৃহ আৰু ভঁৰাল ভাঙি তহিলং কৰে যদিও হাতী অহা উমান পাই নিৰাপদ স্থানত অৱস্থান কৰে ঘৰত থকা লোকসকলে । উল্লেখ্য যে, ভঁৰালৰ ধান খোৱাৰ লগতে ঘৰসমূহৰ সকলো সা-সম্পত্তি সম্পূৰ্ণৰূপে নষ্ট কৰে বনৰীয়া হাতীয়ে ৷

আনহাতে ধানৰ লগতে সৰিয়হৰ খেতিটো হাতী প্ৰৱেশ কৰি অনিষ্ট কৰিলে শ শ বিঘা খেতি ৷ ইপিনে বন বিভাগৰ লোক উপস্থিত হৈছে যদিও বৰ্তমানলৈকে হাতীৰ জাকটো খেদিবলৈ সক্ষম হোৱা নাই ৷

লগতে পঢ়ক: শদিয়াত জৰাজীৰ্ণ দলঙে প্ৰাণ কাঢ়িলে এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.