ETV Bharat / state

ক্ৰমাৎ সুস্থ হৈ উঠিছে টংলাৰ পৰা উদ্ধাৰ কৰা বগলী পোৱালী কেইটা

author img

By

Published : Jul 1, 2021, 12:55 PM IST

কিছুদিন পূৰ্বে টংলা চহৰৰ 1 নং ৱাৰ্ডত টংলা পৌৰসভাই মূহুৰ্ততে প্ৰায় 3 শতাধিক বগলীক হত্যা কৰাৰ লগতে আহত কৰিছিল বহু বগলীক ৷ উক্ত ঘটনাত আঘাতপ্ৰাপ্ত 84 টা বগলী বৰ্তমান কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷

the-agrets-rescued-from-tongla-are-recovering-gradually
ক্ৰমাৎ সুস্থ হৈ উঠিছে টংলাৰ পৰা উদ্ধাৰ কৰা বগলী পোৱালী

গোলাঘাট,1 জুলাই: কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ক্ৰমে সুস্থ হৈ উঠিছে টংলাৰ পৰা উদ্ধাৰ কৰি অনা বগলী পোৱালী সমূহ ৷ টংলা পৌৰসভাৰ অমানৱীয় কাৰ্যত নিঠৰুৱা হোৱাৰ পাছতে বগলী পোৱালী সমূহক টংলাৰ পৰা কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰলৈ অনা হৈছিল ৷ সম্প্ৰতি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত চিকিৎসকৰ নিৰীক্ষণত আছে 84 টা বগলী পোৱালী ৷ অচিৰেই পোৱালী কেইটা সুস্থ হৈ উঠিব বুলি আশা কৰিছে পশু চিকিৎক সকলে ৷

চিকিৎসকে জনোৱা তথ্য অনুসৰি, টংলাৰ পৰা সংকটজনক আৱস্থাত সৰ্বমূঠ 88 টা বগলী পোৱালী অনা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে কেন্দ্ৰত 4 টা বগলীৰ মৃত্যু হয় ৷ সম্প্ৰতি 84 টা পোৱালীক অভিজ্ঞ পশু চিকিৎসকৰ ত্বত্তাৱধানত চিকিৎসা প্ৰদান কৰি থকা হৈছে ৷ বগলীৰ পোৱালী কেইটাক প্ৰজাতি ভেদে পৃথকে ৰাখি চিকিৎসা প্ৰদান কৰা হৈছে বুলি জনাইছে চিকিৎসকে ৷ বগলীৰ পোৱালী কেইটা সম্পুৰ্ণ সুস্থহৈ উঠিলে পুনৰ প্ৰাকৃতিক পৰিৱেশত সংস্থাপন কৰিব বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই ৷

উল্লেখ্য যে, ৰাজ্যত অব্যাহত থকা ক'ভিড আতংকৰ মাজতে বিগত কিছুদিন পূৰ্বে ক্ষমতাৰ ৰাগীত মাতাল হৈ টংলা পৌৰসভাই মূহুৰ্ততে হত্যা কৰিছিল প্ৰায় 3 শতাধিক বগলী পোৱালী ৷ যি সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন বলৱৎ কৰিছে, তেনে সময়তে টংলা চহৰৰ একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে এজোপা বাঁহ গছত আশ্ৰয় লৈ থকা শতাধিক বগলীক অতি নিৰ্মমভাৱে হত্যা কৰিছিল ৷ টংলা চহৰৰ 1 নং ৱাৰ্ডত সংঘটিত হৈছিল এই অমানৱীয় ঘটনা ৷

এই ঘটনাই প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া ৷ ঘটনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছিল বিভিন্ন প্ৰকৃতিপ্ৰেমী সংগঠনৰ লগতে একাংশ প্ৰকৃতিপ্ৰেমী লোক ৷

লগতে পঢ়কঃ শ শ বগলীৰ কলৰবেৰে গুঞ্জৰিত হোৱা খোৱাঙৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.