ETV Bharat / state

ক’ভিড ভেকচিন গ্ৰহণক লৈ খুমটাই আদৰ্শ চিকিৎসালয়ত হুলস্থুলীয়া পৰিৱেশ

author img

By

Published : Apr 26, 2021, 9:40 PM IST

ক’ভিড ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানক লৈ গোলাঘাটৰ খুমটাই আদৰ্শ চিকিৎসালয়ত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ খুমটাই চিকিৎসালয়ে দেওবাৰে নিশা মাত্ৰ ডেৰশ ভেকচিন লাভ কৰিছিল ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেষত ৩০ শতাংশ প্ৰথম পালি আৰু ৭০ শতাংশ দ্বিতীয় পালি প্ৰতিষেধক দিবলৈ সিদ্ধান্ত লয় কৰ্তৃপক্ষই ৷

tension-in-khumtai-ideal-hospital-regarding-covid-vaccine-etv-bharat-news
ক’ভিড ভেকচিন লোৱাক লৈ খুমটাই আদৰ্শ চিকিৎসালয়ত হুলস্থুলীয়া পৰিৱেশ

গোলাঘাট, 26 এপ্ৰিল : গোলাঘাটৰ খুমটাই আদৰ্শ চিকিৎসালয়ত ক’ভিড ভেকচিনৰ প্ৰথম আৰু দ্বিতীয় পালি প্ৰতিষেধক প্ৰদানক লৈ হুলস্থুলীয়া পৰিৱেশ ৷ চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ প্ৰতিষেধক ল’বলৈ অহা ব্যক্তিৰ । ভেকচিনৰ প্ৰথম পালি প্ৰতিষেধক ল’বলৈ আহি চিকিৎসালয়ত পুৱাৰে পৰা ভিৰ কৰিছিল একাংশ লোকে । চিকিৎসালয় খোলাৰ পিচত ভেকচিন ল’বলৈ অহা ব্যক্তিসকলে গম পাই সোমবাৰে চিকিৎসালয়ত প্ৰদান কৰা হ’ব দ্বিতীয় পালি প্ৰতিষেধক । ইয়াকে লৈ পুৱাৰে পৰা অপেক্ষাত থকা ব্যক্তিসকল উত্তেজিত হৈ পৰে ।

যিহেতু ভেকচিন কাক দিয়া হ'ব সেইবিষয়ে চিকিৎসালয় চৌহদত আগতীয়া কোনোধৰণৰ জাননী প্ৰদান কৰা হোৱা নাছিল সেই হেতুকে দূৰণিৰ পৰা ভেকচিনৰ ল'বলৈ অহা লোক সকল অতীষ্ঠ হৈ পৰে । ইয়াকে লৈ চিকিৎসালয়খনত সৃষ্টি হৈছিল এক হুলস্থুলীয়া পৰিৱেশ ৷ উল্লেখ্য যে, খুমটাই চিকিৎসালয়লৈ দেওবাৰে নিশা মাত্ৰ ডেৰশ ভেকচিনহে লাভ কৰিছিল । যাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষই সিদ্ধান্ত লোৱাত পলম হয় ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেষত চিকিৎসালয়খনৰ অধীক্ষক ডা৹ মনোজ হাজৰিকাই ৩০ শতাংশ প্ৰথম পালি আৰু ৭০ শতাংশ দ্বিতীয় পালি প্ৰতিষেধক দিবলৈ নিৰ্দেশ প্ৰদান কৰে ।

লগতে পঢ়ক : মাওবাদী আক্ৰমণ : ছুকমাৰ ৰাজপথত জ্বলিল ৭ খন বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.