ETV Bharat / state

জণ্ডিচ আৰু যকৃতজনিত ৰোগত আক্ৰান্ত গোলাঘাট নাৰ্চিং হোমৰ বহু কৰ্মচাৰী

author img

By

Published : Aug 2, 2020, 4:43 PM IST

গোলাঘাট নাৰ্চিং হোমৰ 30 গৰাকীতকৈয়ো অধিক কৰ্মচাৰী আক্ৰান্ত হৈছে জণ্ডিচ আৰু যকৃতজনিত ৰোগত ৷ ইয়াৰ বাবে নাৰ্চিং হোম কৰ্তৃপক্ষক দোষাৰোপ কৰে ভুক্তভোগী লোকে ৷

জণ্ডিচ আৰু যকৃতজনিত ৰোগত আক্ৰান্ত গোলাঘাট নাৰ্চিং হোমৰ বহু কৰ্মচাৰী
গোলাঘাট নাৰ্চিং হোম

গোলাঘাট, 2 আগষ্ট: গোলাঘাটত কৰ'ণাৰ সংক্ৰমণৰ লগতে দেখা দিছে ইটোৰ পাচত সিটো ৰোগে ৷ গোলাঘাট নাৰ্চিং হোম কৰ্তৃপক্ষৰ বিৰুদ্ধে দেওবাৰে ক্ষোভ উজাৰিলে একাংশই ৷ লগতে অভিযোগ উত্থাপনো কৰিলে নাৰ্চিং হোম কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷ কোনো বাহিৰৰ লোকে নহয়, চিকিৎসালয় খনত কৰ্মৰত কৰ্মচাৰী আৰু তেওঁলোকৰ বহু আত্মীয় স্বজনেই উত্থাপন কৰিলে কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ ৷ জানিব পৰা মতে, নাৰ্চিং হোম খনত কৰ্মৰত কৰ্মচাৰী সকল সম্প্ৰতি ভুগিছে যকৃতজনিত ৰোগত ৷ 30 গৰাকীতকৈয়ো অধিক লোকৰ দেহত দেখা দিছে একেটা ৰোগৰে লক্ষণ ৷ প্ৰথমে জণ্ডিছ আৰু তাৰ পাচত বিকল হ'বলৈ আৰম্ভ কৰিছে সেই ৰোগীসকলৰ যকৃত ৷ ইতিমধ্যে এঅ ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে নাৰ্চিং হোম খনৰে ৰূপাংকৰ বৰা নামৰ এগৰাকী কৰ্মচাৰী ৷ ইয়াৰ বাবে আত্মীয় স্বজনে সম্পূৰ্ণ দোষাৰোপ কৰিছে নাৰ্চিং হোম কৰ্তৃপক্ষক ৷

জণ্ডিচ আৰু যকৃতজনিত ৰোগত আক্ৰান্ত গোলাঘাট নাৰ্চিং হোমৰ বহু কৰ্মচাৰী

উল্লেখ্য যে, নাৰ্চিং হোম খনৰ 75 গৰাকী কৰ্মচাৰীৰ ভিতৰত প্ৰায় 38 গৰাকী লোকেই আক্ৰান্ত হৈছে অনুৰূপ ৰোগত ৷ এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা ৰূপাংকৰ বৰাক জটিল অৱস্থাত গুৱাহাটীৰ হায়াট হাস্পতালৰ প্ৰেৰণ কৰা হৈছিল যদিও, চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় লোকগৰাকীৰ ৷ আনহাতে নাৰ্চিং হোম খনত কৰ্মৰত আন এগৰাকী লোক চিকিৎসাধীন হৈ আছে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৷ জানিব পৰা অনুসৰি, নাৰ্চিং হোম কৰ্তৃপক্ষই যোগান ধৰা খাদ্য গ্ৰহণ কৰাৰ পাচতে আটাইকেইগৰাকী লোক আক্ৰান্ত হয় অনুৰূপ ৰোগত ৷ পানীৰ পৰাও এই ৰোগৰ উন্মেষ ঘটা বুলি উল্লেখ কৰে আক্ৰান্ত কৰ্মচাৰী কেইগৰাকীৰ আত্মীয়ৰ লগতে, নাৰ্চিং হোমখনত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে ৷ বিগত জুন মাহত নাৰ্চিং হোমখনৰ কেইবাগৰাকীও লোকৰ দেহত কৰ'ণাৰ অৱস্থিতি পোৱাৰ পাচতে, জিলা প্ৰশাসনে সকলো কৰ্মচাৰীৰ স্বাৱ টেষ্ট কৰাৰ ওপৰিও নাৰ্চিং হোম খনত কোৱাৰেণ্টাইন কৰি ৰাখিছিল তেওঁলোকক ৷ কোৱাৰেণ্টাইনত থকাৰ সময়তে খাদ্যজনিত কাৰণত তেওঁলোক এই ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে কৰ্মচাৰী সকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: নৃত্যৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ বিষ্ণুক প্ৰয়োজন এধানি সহায়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.