বোকাখাত,২০ আগষ্ট: অংগনাৱাড়ী কৰ্মী আৰু শিশু সুৰক্ষা কৰ্মীৰ তৎপৰতাত কিশোৰী সৰবৰাহকাৰী চক্ৰৰ পৰা উদ্ধাৰ হয় ৪ কিশোৰীসহ এগৰাকী মহিলা(Women trafficking racket) । বোকাখাতৰ পৰা বহিঃৰাজ্যলৈ কিশোৰী সৰবৰাহৰ বাবে এটা দুষ্ট চক্ৰৰ পৰিকল্পনা বিফল কৰিলে গাঁওবাসীয়ে ।
জানিব পৰা মতে, বিবাহ সূত্ৰে ৰাজস্থানত থকা বোকাখাতৰ যোগলঅটি গাঁৱৰ ৰংগিলা কৰ্মকাৰ নামৰ মহিলা গৰাকীয়ে গাঁওখনৰে ৪ গৰাকী কিশোৰী আৰু এগৰাকী বিবাহিত মহিলাক বহিঃৰাজ্যলৈ নি কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি বহি ৰাজ্যলৈ যোৱাৰ পৰিকল্পনা কৰিছিল চক্ৰটোৱে । উক্ত মহিলা গৰাকীয়ে পূৰ্বতেও গাঁওখনৰ দৰিদ্ৰ পৰিয়ালৰ বহু কেইগৰাকী কিশোৰীক বহিঃৰাজ্যলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে ।
শুক্ৰবাৰে নিশা বোকাখাতৰ যোগলআটি গাঁৱত উক্ত ঘটনাক লৈ এক উত্তেজনাময় পৰিবেশে বিৰাজ কৰে । ৰংগিলা কৰ্মকাৰ নামৰ মহিলা গৰাকীয়ে কিশোৰী কেইগৰাকীৰ পৰিয়াল অথবা অভিভাৱকৰ অজ্ঞাতে প্ৰলোভন দি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল । স্থানীয় ৰাইজে বোকাখাত আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল যদিও কোনো সুফল নোপোৱাৰ কথা ব্যক্ত কৰে ।
লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ সহায় লাগে মাজুলীৰ এটা পৰিয়ালক