গোলাঘাট, 11মে’: গোলাঘাটৰ বিভিন্ন অঞ্চলৰ লগতে শাঁওতলী চাহ বাগিচাটো চাহ শ্ৰমিকৰ দেহত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে ৷ জানিব পৰা মতে, শাঁওতালী চাহ বাগিচাত প্ৰায় ২৫ গৰাকী লোক ক’ভিড-19ত আক্ৰান্ত বুলি চিনাক্ত হৈছে । ইয়াৰ ফলত তৎপৰ হৈ পৰিছে গোলাঘাট প্ৰশাসন । ইতিমধ্যে প্ৰশাসনে বাগিচাখনক ক’ন্টেইনমেন্ট জ'ন হিচাপে ঘোষণা কৰিছে । বাগিচাৰ একাংশ শ্ৰমিক আৰু সাধাৰণ লোকৰ শৰীৰত ক’ভিড-19ত সংক্ৰমিত বুলি ধৰা পৰিছে ।
বাগিচাৰ ঘন জন বসতি পূৰ্ণ এলেকাত এই ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ আশংকা কৰিছে একাংশই । শাঁওতালী চাহ বাগিচাত ক’ভিড-19ত আক্ৰান্ত ধৰা পৰা পাচতেই প্ৰশাসন আৰু আৰক্ষীৰ লোক উপস্থিত হয় আৰু স্থানীয় লোকক কৰ’ণা মহামাৰীৰ ভয়াৱহতাৰ পৰা সজাগ হোৱাৰ লগতে ক’ভিড প্ৰ’টকলসমূহ মানি চলিবলৈ আহ্বান জনায় ৷
আনহাতে, খুমটাই চাহ বাগিচাটো দুদিন পূৰ্বে সাতজন লোকৰ শৰীৰত ক’ভিড-19ৰ অৱস্থিতি ধৰা পৰিছে বুলি জানিব পৰা গৈছে । বাগিচা খনৰ ব্যৱসায়ী আৰু শ্ৰমিক পৰিয়ালৰ সদস্যৰ শৰীৰত ধৰা পৰিছে ক’ভিদ পজিটিভ । স্বাস্থ্য বিভাগ আৰু বাগিচা কতৃপক্ষই পৰিয়াল কেইটাক কোৱাৰেন্টাইনৰ ব্যৱস্থা কৰিছে ।
লগতে পঢ়ক : মৰাণত সোমবাৰৰ দিনটোত ১০০ গৰাকী কৰ’ণাত আক্ৰান্ত