ETV Bharat / state

জলসিঞ্চন বিভাগৰ এজন পাম্প চালকে সকাহ দিলে এইসকল কৃষকক

সৰুপথাৰ জলসিঞ্চন বিভাগৰ এজন পাম্প চালকৰ তৎপৰতাৰ বাবেই আজি গাঁওখনৰ ৰাইজে বৰষুণলৈ বাট নাচাই কৃষি কৰ্মত ব্যস্ত হ’ব পাৰিছে ৷

author img

By

Published : Jul 9, 2021, 7:53 PM IST

tarun-gogoi-praise-sarupathar-tangahula-village-people-regarding-irigation-water-pump-service
তৰুণ গগৈৰ প্ৰশংসাত পঞ্চমুখ সৰুপথাৰৰ টেঙাহোলাবাসী

সৰুপথাৰ,9 জুলাই : এই বাৰিষা বতৰতো গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত সৰুপথাৰ, বৰপথাৰকে ধৰি সমগ্ৰ মহকুমাটো খৰাং পৰিস্থিতিয়ে কৃষক ৰাইজৰ মাজত সৃষ্টি কৰিছে সমস্যাৰ । পানীৰ বাবে সাধাৰণ কৃষক ৰাইজে হাহাকাৰ কৰিব লগীয়া হৈছে । কিন্তু তাৰ মাজতে সৰুপথাৰ অঞ্চলৰ টেঙাহোলা গাঁৱত দেখা গ'ল এক বিপৰীত দৃশ্য ।

বিগত বৰ্ষৰ দৰেই গাঁওখনৰ ৰাইজে সুন্দৰভাৱে কৰি গৈছে খেতি-বাতি । হাল বোৱাই হাল বাইছে, ভূঁই ৰোৱাই ভূঁই ৰুইছে । পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হোৱা নাই গাঁওখনৰ কৃষক ৰাইজে ৷ এয়া কেৱল সম্ভৱ হৈছে জলসিঞ্চন বিভাগৰ এগৰাকী কৰ্মচাৰীৰ বাবে ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰে কোটি কোটি টকা খৰছ কৰি কৃষক ৰাইজক পানী যোগান ধৰা আঁচনি নিৰ্মাণ কৰিছিল ৷ সেই সমূহ আঁচনিয়ে কৃষকক পানী যোগান ধৰা দূৰৰেই কথা গৰিষ্ঠ সংখ্যক আঁচনি আজি বিকল হৈ পৰি আছে ৷ কিন্তু তাৰমাজতে সৰুপথাৰ জলসিঞ্চন বিভাগৰ এজন পাম্প চালকৰ তৎপৰতাৰ বাবেই আজি গাঁওখনৰ ৰাইজে বৰষুণলৈ বাট নাচাই কৃষি কৰ্মত ব্যস্ত হ’ব পাৰিছে ৷

উল্লেখযোগ্য যে, সৰুপথাৰ গন্ধকৰৈ গাঁৱৰ নিবাসী তৰুণ গগৈয়ে কৰ্মসূত্ৰে টেঙাহোলা গাঁৱত অৱস্থিত সৰুপথাৰ জলসিঞ্চন বিভাগৰ এটি নলী-নাদৰ পাম্পৰ পৰিচালনা কৰে । মে' মাহৰ আৰম্ভণিৰ পৰাই তেওঁ নিজ দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰি দৈনিক পুৱা ৬ বজাৰ পৰা বিয়লি ৫ বজালৈ পাম্প চলাই খেতি-পথাৰসমূহত পানী যোগান ধৰি আহিছে । কেতিয়াবা কিবা কাৰণ বৰ্শত যান্ত্ৰিক বিজুতি ঘটিলেও কাকো অৱগত নকৰাকৈয়ে নিজে ঠিক কৰি কৃষক ৰাইজক পানী যোগানধৰি সকাহ প্ৰদান কৰিছে । যাৰ বাবে এতিয়া টেঙাহোলা গাঁৱৰ ৰাইজে তৰুণ গগৈক প্ৰশংসা আৰু শলাগেৰে ওপচাই তুলিছে ।

মনকৰিবলগীয়া যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষকে এতিয়া পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৷ এটা জলসিঞ্চন বিয়াগোম বিভাগ থকাৰ পাচতো কৃষক পৰিছে বিপাঙত ৷ বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰি কৃষক ৰাইজক উপকৃত কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে আহ্বান জনোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ মাজুলীৰ উপ-নিৰ্বাচন: প্ৰাৰ্থী বাচনিত সোণোৱালৰ ভূমিকা হ’ব গুৰুত্বপূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.