গোলাঘাট, 19 জুলাই : আৱশেষত আৰক্ষীৰ জালত পৰিল চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলু ৷ গোলাঘাটৰ চুপাৰী মাফিয়া আব্দুল হান্নানক দেওবাৰে নিশা বোকাখাতৰ কঁহৰাত গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীৰ (Assam Police) এটা দলে ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ৰাজ্যত চুপাৰী ব্যৱসায়ৰ অবৈধ সাম্ৰাজ্য গঢ়ি তুলিছিল বাবলুৱে ।
বৰ্তমান তদন্তৰ বাবে বঙাইগাঁৱলৈ নি থকা হৈছে আব্দুল হান্নান ওৰফে বাবলুক ৷ প্ৰাপ্ত তথ্য অনুসৰি, বঙাইগাঁও থানাত (Bangaigaon Police Station) ৰুজু হোৱা ৪৬০/২১ নম্বৰৰ এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে বাবলুক ৷ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ (GP Sing) নেতৃত্বত অসম আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে আব্দুলক ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাচতেই অপৰাধীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ নিৰ্দেশনা জাৰি কৰিছিল প্ৰশাসনক ৷
তাৰ পাচতেই তৎপৰ হৈ পৰিছিল অসম আৰক্ষী তথা ৰাজ্যৰ প্ৰশাসন ব্যৱস্থাৰ মুৰব্বীসকল ৷ নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাচতেই বিভিন্ন জিলাৰ আৰক্ষী তথা প্ৰশাসনীয় বিষয়াসকলে ড্ৰাগছ সৰবৰাহ, গৰুৰ চোৰাং সৰবৰাহ, বাৰ্মিজ চুপাৰী বিৰুদ্ধে অভিযান চলাই উৎখাত কৰিছিল এইবোৰৰ ঘাটি ৷ আটক কৰা হৈছিল বহু সৰহৰাহকাৰীক ৷
মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে সংবাদ মাধ্যম আৰু সৰ্বসাধাৰণ জনতাকো ৰাজ্যখনত অসাধু চক্ৰই চলাই থকা যিকোনো অবৈধ ছিণ্ডিকেট সম্পৰ্কে কোনো তথ্য পালে পোনে পোনে আৰক্ষী সঞ্চালক প্ৰধানক (DGP) অৱগত কৰিবলৈ আহ্বান জনাইছিল ৷ ইতিমধ্যে বিভিন্ন জিলাত গৰুৰ অবৈধ তথা চোৰাং ব্যৱসায়ৰ সৈতে জড়িত কেইবাজনো ব্যক্তিক আটক কৰিছে । এক প্ৰকাৰে ক’ব পাৰি যে, বিভিন্ন অপৰাধত জড়িত বহু সংখ্যক অপৰাধী আৰক্ষীৰ হাতত বন্দী হৈছে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পলাতক হৈ থকা চুপাৰী মাফিয়া আব্দুল হান্নান ওৰফে বাবলু গ্ৰেপ্তাৰ হোৱাৰ স্বস্তিৰ নিশ্বাস পেলাইছে আৰক্ষীয়েও ৷
লগতে পঢ়ক: সাংবাদিকক দুৰ্ৱ্যৱহাৰ কৰাক লৈ চাবুৱাত দল সংগঠনৰ প্ৰতিবাদ