গোলাঘাট,১৬ ফেব্ৰুৱাৰীঃ শনিবাৰে গোলাঘাটৰ নুমলীগড়ত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গোবিন্দপুৰ চাহ বাগিচাৰ সমীপত এখন টাটা ইণ্ডিকা গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্য়ুতৰ খুঁটাত খুন্দা মৰাৰ ফলত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনাটো ।শোকাৱহ পথ দুৰ্ঘটনাটোত ২ টি শিশু নিহত হোৱাৰ লগতে আহত হয় ১০ জনতকৈ অধিক শিশু।
![undefined](https://s3.amazonaws.com/saranyu-test/etv-bharath-assests/images/ad.png)
জানিব পৰা মতে, প্ৰসাদ লোহাৰ নামৰ এজন ব্য়ক্তিয়ে নতুনকৈ ক্ৰয় কৰা AS 01 AS2276 নম্বৰৰ টাটা ইণ্ডিকা গাড়ীখনত ফুৰাবলৈ লৈ আনিছিল শিশুকেইটাক।