ETV Bharat / state

কৃষক নহ'লেও কথা নাই, ঘোচ দিয়ক আৰু কৃষক আঁচনিৰ ধন লওঁক! - গোলাঘাট

প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ নামত গোলাঘাটত লুন্ঠন ৷ গোলাঘাটৰ বেঙেনাখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে কৃষাণ যোজনাৰ আবেদন পত্ৰ জমা লোৱাৰ নামত সাধাৰণ ৰাইজৰ পৰা সংগ্ৰহ কৰিছে ধন ৷ শীঘ্ৰেই ঘটনাৰ তদন্তৰ দাবী স্থানীয় ৰাইজৰ

প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ নামত গোলাঘাটত লুন্ঠন
author img

By

Published : Jun 18, 2019, 1:25 PM IST

গোলাঘাট, 18 জুনঃ গোলাঘাট বেঙেনাখোৱা গাঁও পঞ্চায়তৰ সভানেত্ৰীয়ে বিৰেণ গগৈ নামৰ বিজেপি কর্মীৰ নাম লৈ প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ আবেদন পত্ৰৰ নামত ২০ টকাকৈ জমা লোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ৷ কেৱল সেয়াই নহয় আবেদন পত্ৰ জমা কৰাৰ সময়তো আবেদনকাৰীয়ে দিব লগা হৈছে ১০ টকা ৷ এইদৰে এজনৰ পৰা ২০ টকা, আনজনৰ পৰা ৩০ টকাকৈ সংগ্ৰহ কৰি পঞ্চায়ত কৰ্মীয়ে দুর্নীতি চলোৱাৰ অভিযোগ তুলিছে সাধাৰণ ৰাইজে ‍৷

প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ নামত গোলাঘাটত লুন্ঠন

তাৰোপৰি কৃষক নহ'লেও যিকোনো লোকক প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ হিতাধিকাৰী নিৰ্বাচিত কৰি ধন পোৱাত সহায় কৰাৰো অভিযোগ উঠিছে পঞ্চায়তকৰ্মীৰ বিৰুদ্ধে ৷ ভাড়াতীয়া লোক, শ্ৰমিক, ব্যৱসায়ী আদিয়ে কৃষাণ যোজনাৰ ধন লাভৰ বাবে আবেদন জনোৱাৰ লগতে পঞ্চায়তকৰ্মীক ধন জমা দিয়াৰ কথাও স্বীকাৰ কৰিছে স্থানীয় লোকে৷ কিন্তু স্থানীয় ৰাইজৰ ক্ষোভ চৰকাৰে প্ৰতিটো বিভাগৰ বাবে সুকীয়াকৈ আঁচনি ৰূপায়ণ কৰাৰ পিছতো কিয় কৃষকৰ আঁচনিত কৃষিকৰ্মৰ লগত জড়িত নথকা সকলক অন্তৰ্ভূক্ত কৰা হৈছে৷ শীঘ্ৰেই এই ঘটনাৰ তদন্ত কৰি পঞ্চায়তকৰ্মীৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ দাবী স্থানীয় ৰাইজৰ ৷

লগতে পঢ়কঃ বজাৰৰ নিবিদা প্ৰদানক লৈ বিশ্বনাথত উত্তপ্ত পৰিস্থিতি

GOLAGHAT 18.06.2019
slug : as_glt_corruption_vis_byte_7205572
O.C. : কংগ্ৰেছৰ দখলত থকা গোলাঘাট বেঙেনাখোৱা পঞ্চায়ত এতিয়া ধনৰ মুকলি বেহা। কেৱল সকলোকে লাগে এতিয়া ধন। আপুনি কৃষক হওঁক বা নহওঁক কথা নাই। পঞ্চায়ত প্ৰতিনিধিক ঘোচ দিয়ক আৰু আপুনি কৃষকৰ আঁচনিৰ ধন লওঁক। গোলাঘাটত মুক্ত ভাৱে পঞ্চায়ত প্ৰতিনিধিয়ে ধন লোৱাৰ দৃশ্য বন্দী হল সাংবাদিকৰ কেমেৰাত। 
V.O. : প্ৰধান মন্ত্ৰী কৃষাণ যোজনাৰ নামত গোলাঘাটত মুকলিভাৱে চলিছ‍ে ধনৰ লেনাদেনা৷ প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ ধন পাবলৈ আপুনি কৃষক নহ'লেও হ'ব । কেৱল হাতত কেইটকা মান লৈ গোলাঘাটৰ বেঙেনখোৱা পঞ্চায়তত উপস্থিত হ'লেই আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ ধন। গোলাঘাটৰ বেঙেনাখোৱা গাঁও পঞ্চায়তত পঞ্চায়ত প্ৰতিনিধিয়ে আবেদন পত্ৰ লাভ কৰা আৰু সেই আবেদন পত্ৰ জমা দিয়াৰ নামত ধন লোৱা দৃশ্য বন্দি হ"ল কেমেৰাত৷ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা কোৱা বৰ্তমান চৰকাৰখনে সঁচায়ে দুৰ্নীতি মুক্ত কৰিব পাৰিছেনে তাৰেই প্ৰকৃত প্ৰমাণ কৰি দেখুৱালে গোলাঘাটৰ বেঙেনাখোৱা পঞ্চায়তে৷ কৃষক নহলেও কিদৰে কৃষকৰ আঁচনিৰ ধন লাভ কৰে কেমেৰাৰ সন্মুখত মুখ খুলিলে আঁচনিৰ অন্তৰ্ভুক্ত হ'বলৈ অহা মহিলায়ে। এই দৃশ্য গোলাঘাটৰ বেঙেনাখোৱা গাঁও পঞ্চায়তৰ , পঞ্চায়ত সভানেত্ৰীয়ে এজন যুৱকৰ পৰা প্ৰথমে ২০ টকা লৈ দিছে এখন আবেদন পত্ৰ, তাৰপিছত দৰদাম । সভানেত্ৰী গৰাকীৰ ভাষ্য আন পঞ্চায়তত ১০০ ৰ পৰা ১৫০ টকা লয় , তেওলোকে কেৱল ২০ টকাহে লৈছে৷ পুনৰ আবেদন পত্ৰ জমা কৰাৰ সময়ত দিব লাগিব ১০ টকা ৷ উল্লেখ্য যে পঞ্চায়তৰ সভানেত্ৰী গৰাকীয়ে বিৰেণ গগৈ নামৰ এজন বিজেপি কর্মীৰ নাম লৈ এনেদৰে ধন লবলৈ কোৱা বুলি কয় ৷ এইদৰে কাৰবাৰ পৰা ২০ টকা , কাৰবাৰ পৰা ৩০ টকা লৈ প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ নামত চলাইছে‍ দুর্নীতি ৷ প্ৰকৃততে‍ অভিযোগ উঠিছে পঞ্চায়তখনত এইদৰে প্ৰায় ১০ হাজাৰ কৃষকক উপকৃত কৰাব বেঙেনাখোৱা গাঁও পঞ্চায়তে৷ পঞ্চায়তখনে‍ প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ ফর্ম দিয়া আৰু জমা লোৱাৰ নামত প্ৰায় ৪/৫ লাখ টকা সাধাৰণ ৰাইজৰ পৰা লুন্ঠন চলাইছে৷ আচৰিত কথা যে কৃষক নহলেও ধনৰ বিনিময়ত যিকোনো লোকক প্ৰধানমন্ত্ৰী কৃষাণ যোজনাৰ হিতাধীকাৰী নির্বাচিত কৰি ধন পোৱাত সহায় কৰি আহিছে পঞ্চায়তৰ লোক সকলে৷ ভাৰাতীয়া লোক , বিভিন্ন ধৰণৰ শ্ৰমিক , ব্যৱসায়ীক দিয়া হৈছে কৃষকৰ ধন ৷ কিন্তু স্থানীয় ৰাইজৰ অভিযোগ চৰকাৰে প্ৰতিটো বিভাগৰ বাবে সুকীয়াকৈ আঁচনি ৰূপায়ন কৰাৰ পিছতো কিয় কৃষকৰ আঁচনিত খেতিৰ সৈতে জডি়ত নথকা সকলক অন্তভূক্ত কৰা হৈছে ৷ কৃষি মন্ত্ৰীৰ গৃহ জিলাত কৃষকৰ নামত অবাধ লুন্ঠন চলি থকাৰ পাছত এতিয়া মন্ত্ৰী অতুল বৰাৰ স্থিতি কি হয় সেইয়া লক্ষ লক্ষ্যণীয় হব ।
Byte 1 : সভানেত্ৰী
Byte 2 : কাউন্সিলৰ
Byte 3: অভিযোগকাৰী মহিলা
Byte 4: আবেদনকাৰী মহিলা।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

Feed send by ftp.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.