ETV Bharat / state

বিধানসভাত সীমান্ত শইকীয়াৰ উদ্ধাৰৰ প্ৰসংগ - সীমান্ত শইকীয়া

ব্যৱস্থা গ্ৰহণৰ দাবী গোলাঘাটৰ বিধায়ক মৃণাল শইকীয়াৰ

বিধান সভাত সীমান্ত শইকীয়াৰ উদ্ধাৰৰ প্ৰসংগ
author img

By

Published : Feb 19, 2019, 1:16 AM IST

গোলাঘাট,১৮ ফেব্ৰুৱাৰীঃ বিধান সভাত উত্থাপন হ'ল পাকিস্তানত কাৰাবন্দী হৈ থকা গোলাঘাটৰ মেৰাপানীৰ সীমান্ত শইকীয়াৰ উদ্ধাৰৰ প্ৰসংগ । বিধান সভাৰ মজিয়াত এই বিষয়টো উথাপন কৰি বিহীত ব্যৱস্থাৰ দাবী জনায় গোলাঘাটৰ বিধায়ক মৃণাল শইকীয়াই ।

বিধান সভাত সীমান্ত শইকীয়াৰ উদ্ধাৰৰ প্ৰসংগ
undefined

উল্লেখ্য যে,কৰ্মসংস্থাপনৰ সন্ধানত গৈ দুৰ্ভাগ্যজনকভাৱে পাকিস্তানী নৌসেনাৰ হাতত বন্দী হ'ব লগা হৈছিল গোলাঘাটৰ মেৰাপানীৰ যুৱক সীমান্ত শইকীয়া । পৰিয়ালৰ দৰিদ্ৰতা মোচনৰ স্বাৰ্থত গুজৰাট উপকূলত মাছমৰীয়াৰ জাহাজত সহায়কৰূপে কৰ্মৰত আছিল এই যুৱকজন । যোৱা ২৬ নৱেম্বৰৰ নিশা মাছমৰীয়াৰ জাহাজখন ভুলক্ৰমে আন্ত:ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰাত জাহাজখনত থকা মুঠ ২২ জন ভাৰতীয় লোকক আটক কৰি পাকিস্তানৰ কাৰাগাৰলৈ ২৭ নৱেম্বৰত প্ৰেৰণ কৰিছিল পাকিস্তান সীমান্তৱৰ্তী আৰক্ষীয়ে । তাৰপাচৰে পৰা আৰু কোনো খা-খবৰ নাই সীমান্তৰ ।

সেয়েহে এতিয়া কান্দোনত ভাগি পৰিছে মাতৃ-পিতৃৰ লগতে পত্নী। প্ৰায় চাৰি মাহৰ পূৰ্বে জন্ম হোৱা পুত্ৰ সন্তানটিৰ মুখ এতিয়ালৈ দেখা নাই পিতৃ সীমান্তই। দৰিদ্ৰ পৰিয়ালটোৱে অতি শীঘ্ৰে সীমান্তসহ ভাৰতীয় লোককেইজনক সুকলমে দেশলৈ ওভোতাই অনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰকো জনাইছে কাতৰ আহ্বান ।

ইফালে বিধান সভাত বিষয়টো উত্থাপন হোৱাত পৰিয়ালৰ লোকৰ মাজত আশাৰ সঞ্চাৰ হৈছে । পাচে,এই সম্বন্ধে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষ্যণীয় হ'ব।

Golaghat.18.02.2019
SLUG : GOLAGHAT SIMANTA SAIKIA
A_GLT_804_18FEB_GOLAGHAT_SIMANTA_SAIKIA_VISUAL_1_DIGANTA_SAHU
A_GLT_805_18FEB_GOLAGHAT_SIMANTA_SAIKIA_VISUAL_2_DIGANTA_SAHU
A_GLT_806_18FEB_GOLAGHAT_SIMANTA_SAIKIA_BYTE_1_DIGANTA_SAHU
A_GLT_807_18FEB_GOLAGHAT_SIMANTA_SAIKIA_BYTE_2_DIGANTA_SAHU
A_GLT_808_18FEB_GOLAGHAT_SIMANTA_SAIKIA_BYTE_3_DIGANTA_SAHU
O.C. গোলাঘাটৰ মেৰাপানীৰ সীমান্ত শইকীয়াক  পাকিস্তানত কাৰাবন্দী কৰি ৰখাৰ পৰা উদ্ধাৰ কৰিবলৈ অসম বিধান সভাত উথাপন হোৱাত এট আশাৰ সঞ্চাৰ দেখিছে পৰিয়ালে । আজি বিধান সভাৰ মজিয়াত বিধায়ক মৃণাল শইকীয়াই এই বিষয়টো উথাপন কৰি বিহীত ব্যৱস্থাৰ দাবী জনাই বিধায়ক জনে ।  পৰিয়ালে এই খবৰ লাভ কৰি এক আশাৰ ৰেঙনী দেখা পাইছে । কৰ্মসংস্থাপন বিচাৰিবলৈ গৈ দূৰ্ভাগ্যজনকভাৱে পাকিস্তানী নৌসেনাৰ হাতত বন্দী হ'ব লগা হৈছিল মেৰাপানীৰ সীমান্ত শইকীয়া । পৰিয়ালৰ দৰিদ্ৰতা মোচনৰ স্বাৰ্থত গুজৰাট উপকূলত মাছমৰীয়া জাহাজত সহায়কৰূপে কৰ্মৰত আছিল মেৰাপানীৰ নৱগ্ৰাম গাঁৱৰ সীমান্ত শইকীয়া নামৰ যুৱকজন । যোৱা ২৬ নৱেম্বৰৰ নিশা মাছমৰীয়াৰ জাহাজখন ভুলক্ৰমে আন্ত:ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিছিল । সেইসময়ত জাহাজখনত সীমান্ত শইকীয়াসহ মুঠ ২২জন ভাৰতীয় ব্যক্তি আছিল । মেৰাপানীৰ নৱগ্ৰামৰ সীমান্তৰ ঘৰত এতিয়া কেৱল কান্দোনৰ ৰূল ।
V.O. গোলাঘাট জিলাৰ মেৰাপানীৰ নৱগ্ৰাম গাৱঁৰ সীমান্ত শইকীয়াৰ জ্যেষ্ঠ ভাতৃ দিগন্ত শইকীয়া যোৱা প্ৰায় তিনি বছৰৰ পৰা বহিঃৰাজ্যত নিয়োজিত হৈ আছে । দৰিদ্ৰতাৰ বাবেই মেৰাপানীৰ নৱগ্ৰামৰ প্ৰদীপ শইকীয়াৰ পুত্ৰ দিগন্ত শইকীয়া নিয়োজিত হৈ থকাৰ বাবেই দ্বিতীয় পুত্ৰ সীমান্ত শইকীয়াকো সাত মাহৰ পূৰ্বে ঘৰৰ পৰা বহিঃৰাজ্যত কৰ্ম বিচাৰি যাবলৈ দিছিল । সীমান্ত শইকীয়াই গুজৰাটত জাহাজত নিয়োজিত হৈছিল । মুঠ ২২ জন ভাৰতীয় লোক থকা জাহাজখনৰ আটাইকে পাকিস্তানৰ কাৰাগাৰলৈ যোৱা ২৭ নবেম্বৰত প্ৰেৰণ কৰিছে বুলি অন্ধ্ৰপ্ৰদেশত থকা সম্পৰ্কীয় ককায়েকৰ পৰা পৰিয়ালে জানিব পাৰে । সীমান্তৰ পত্নী পূজা শইকীয়া গৰ্ভৱতী অৱস্থাতে ধনৰ অভাৱত এনেদৰে এৰি থৈ গৈছিল । প্ৰায় চাৰি মাহৰ পূৰ্বে পূজাৰ এটি পুত্ৰ সন্তানৰ জন্ম হয় যদিও এই পৰ্যন্ত সন্তানটিৰ মুখ দেখা নাই পিতৃ সীমান্তই । এতিয়া হাহাকাৰ লাগিছে সীমান্ত শইকীয়াৰ পৰিয়ালত।  এটি সন্তানৰ পিতৃ সীমান্তৰ খবৰ লাভ কৰি সম্প্ৰতি কান্দোনত ভাগি পৰিছে মাতৃ-পিতৃ আৰু পত্নী। দৰিদ্ৰ পৰিয়ালটোৱে অতি শিঘ্ৰে সীমান্তসহ ভাৰতীয় লোককেইজনক সুকলমে দেশলৈ ওভোতাই অনাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰকো কাতৰ আহ্বান জনাইছে পৰিয়াল আৰু স্থানীয় ৰাইজে । অসম বিধান সভাত এই বিষয়টো উথাপন হোৱাৰ পিছত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে কব ।

BYTE_1_পত্নী
BYTE_2_মাতৃ
BYTE_3_পিতৃ
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: --- ভিজুৱেল বাইট ftpত গ'ল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.