গোলাঘাট, 16 জানুৱাৰী : ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ পূব আমোলাপট্টিৰ ডিম্বেশ্বৰ গগৈ পথত নিশা উত্তপ্ত পৰিস্থিতি ৷ এইবাৰ পুনৰ গোলাঘাট জিলাৰ দেহ ব্যৱসায়ী চক্ৰ উৎখাত ৷ এটা হোম ষ্টে ৰ নামত দেহ ব্যৱসায় চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ স্থানীয় লোকে চলোৱা এই অভিযানত কেইবাগৰাকীও যুৱক-যুৱতীকো উদ্ধাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে নিজেই এই অভিযান চলাই হাতে হাতে লাঠী বেত লৈ দেহ ব্যৱসায়ীৰ চক্ৰটোক উৎখাত কৰে ৷
গোলাঘাটৰ পূব আমোলাপট্টিত থকা R.B. Home Stay নামত থকা এই ঘৰটোত দীৰ্ঘদিন ধৰি দেহ ব্যৱসায় চক্ৰ এটা গঢ় লৈ উঠাৰ কথা ঘুনুক ঘানাককৈ ওলাইছিল ৷ তাৰ পিচতে সোমবাৰে স্থানীয় লোকসকলে বাসগৃহটোত চলি থকা অবৈধ কাৰ্য কলাপৰ বিৰুদ্ধে অভিযান চলাই লুকাই থকা অৱস্থাত এজন যুৱক আৰু এগৰাকী যুৱতীক উদ্ধাৰ কৰে । যদিও ৰাইজৰ ৰুদ্ৰমূৰ্তি দেখি পলায়ন কৰে আন একাংশ যুৱক ।
তাৰ পিচতে স্থানীয় লোকে যুৱকজনক লপাথপা দি বাহিৰলৈ ওলিয়াই আনি ভালদৰে এসেকণী দি কাণত ধৰোৱাত ভুল স্বীকাৰ কৰে যুৱকজনে । পাচত ঘটনাস্থলীত গোলাঘাট আৰক্ষী উপস্থিত হৈ দুয়োকে আৰক্ষী থানালৈ লৈ যায় ।
স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰা অনুসৰি, স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে Uniform পৰিধান কৰি ঘৰটোলৈ সঘনাই অহা যোৱা কৰে । স্থানীয় লোকে বহুবাৰ আৰক্ষীক অভিযোগ উত্থাপন কৰিছিল যদিও ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে সোমবাৰে নিশা নিজেই অভিযান চলাবলৈ বাধ্য হয় ৷ ইয়াৰ পিচতে পোহৰলৈ আহে ঘৰটোত ভিতৰত চলি থকা অবৈধ কাৰ্য-কলাপৰ সবিশেষ । এই ঘটনাই এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক: গোৱালপাৰাৰ পৰা চুৰি হোৱা 9 টাকৈ গৰু ধুবুৰীত উদ্ধাৰ