সৰুপথাৰ, 17 জুন : ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ উদ্যোগত বৰপথাৰ পৌৰসভাস্থিত বিভিন্ন স্থানত ছেনিটাইজ কৰা হয় ৷ বৃহস্পতিবাৰে সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ পৰামৰ্শ মৰ্মে এই পদক্ষেপ গ্ৰহণ কৰে বিজেপিৰ বৰপথাৰ মণ্ডল যুৱ মৰ্চাই ৷
![Barpathar Mandol Yuvo Morcha](https://etvbharatimages.akamaized.net/etvbharat/prod-images/barpatharmandolyuvomorchasenitization-image2-spr-asc10084_17062021201811_1706f_1623941291_810.jpg)
যুুুৱ মৰ্চাৰ সভাপতি ৰিতুল গগৈৰ নেতৃত্বত বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত ৰেল ষ্টেচন, ষ্টেট বেংক অৱ ইণ্ডীয়া, পাঞ্জাৱ নেশ্বনেল বেংক, আৰক্ষী থানা, দৈনিক বজাৰ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ৰাজহুৱা স্থানত ছেনিটাইজ কৰে মৰ্চাৰ কৰ্মী সকলে ৷ উল্লেখ্য যে, ক'ভিডৰ এই জটিল সময়ত বৰপথাৰ মণ্ডল যুৱ মৰ্চাৰ কৰ্মীসকলৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ৷
লগতে পঢ়ক: বাতিল হ'ল দুটাকৈ কাগজ কলৰ নিলাম প্ৰক্ৰিয়া