ETV Bharat / state

28 বছৰে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ এগৰাকী শিক্ষয়িত্ৰীৰ - শিক্ষয়ত্ৰী

মানুহ গঢ়াৰ কমাৰশালত সেৱা আগবঢ়াই নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত এগৰাকী শিক্ষয়িত্ৰীৰ কাহিনী এয়া ৷ 28 বছৰে শিক্ষকতা কৰি লাভ নকৰিলে এটকাও দৰমহা ৷

বিনা বেতনে ২৮ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে এগৰাকী শিক্ষয়ত্ৰীয়ে
author img

By

Published : Mar 21, 2019, 10:45 AM IST

গোলাঘাট , ২১ মাৰ্চ : গোলাঘাটৰ দক্ষিণ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ সৰুপথাৰ নলনী মধ্য ইংৰাজী বিদ্যালয়। এই বিদ্যালয়খনত বিগত ২৮ বছৰে বিনা বেতনে শিক্ষকতা কৰি বৃহস্পতিবাৰে অৱসৰ গ্ৰহণ কৰে এগৰাকী শিক্ষয়ত্ৰীয়ে ।

বিনা বেতনে ২৮ বছৰ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিলে এগৰাকী শিক্ষয়ত্ৰীয়ে

গোলাঘাটৰ সৰুপথাৰৰ অতিকৈ পিছপৰানলনীপথাৰ গাঁৱত স্থাপিত এই বিদ্যালয়খন। ১৯৯০ চনত স্থাপিত বিদ্যালয়খন অসম চৰকাৰে শেহতীয়াকৈ স্বীকৃতি প্ৰদান কৰিলে যদিও বিদ্যালয়খন প্ৰাদেশিকীকৰণ কৰা নহ'ল । যাৰ ফলত এই পৰ্যন্ত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ ন'হল । বিদ্যালয় খনৰ এগৰাকী সহকাৰী শিক্ষয়ত্ৰী সাবিত্ৰী কুৰ্মীয়ে বিগত ২৮ বছৰে দৰমহা নোপোৱাকৈ শিক্ষকতা কৰি অৱশেষত বৃহস্পতিবাৰে অৱসৰ গ্ৰহণ কৰে । সেয়ে বিদ্যালয় খনৰ পৰিচালনা সমিতিয়ে শিক্ষয়ত্ৰী গৰাকীক বিদায় সম্বৰ্ধনা জনায়। এই বিদায় সম্বৰ্ধনা অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষয়ত্ৰী গৰাকী আবেগিক হৈ পৰে । বিগত সময়ছোৱাত প্ৰত্যেক খন চৰকাৰে বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ নামত আশ্বাস আৰু প্ৰতিশ্ৰুতি দি কেৱল প্ৰতাৰণা কৰি আহিছে । সেয়ে বিনা বেতনে ২৮ বছৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষয়ত্ৰী সাবিত্ৰী কুৰ্মীয়ে বিদ্যালয় খন চৰকাৰীকৰণ কৰি শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিবৰ বাবে চৰকাৰলৈ আহ্বান জনায় ।

Golaghat 21.03.2019
SLUG : GOLAGHAT RETIRED TEACHER
A_GLT_803_21MAR_GOLAGHAT_RETIRED_TEACHER_VISUAL_1_DIGANTA_SAHU
A_GLT_804_21MAR_GOLAGHAT_RETIRED_TEACHER_BYTE_1_DIGANTA_SAHU
A_GLT_805_21MAR_GOLAGHAT_RETIRED_TEACHER_BYTE_2_DIGANTA_SAHU
O.C. :  গোলাঘাট দক্ষিণ প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ সৰুপথাৰ নলনী মধ্য ইংৰাজী বিদ্যালয়। ১৯৯০ চনত স্থাপিত বিদ্যালয়খন অসম চৰকাৰে শেহতীয়াকৈ স্বীকৃতি প্ৰদান কৰিলে যদিও বিদ্যালয়খন প্ৰাদেশিকীকৰণ নকৰিলে যাৰ ফলত বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি আজিলৈকে নিয়মীয়াকৰণ নহল। বিদ্যালয় খনৰ এগৰাকী সহকাৰী শিক্ষয়ত্ৰী সাবিত্ৰী কুৰ্মীয়ে বিগত ২৮ বছৰে দৰমহা নোপোৱাকৈ শিক্ষকতা কৰি অৱশেষত অৱসৰ গ্ৰহণ কৰে। সৰুপথাৰৰ অতিকৈ পিছপৰা  নলনীপথাৰ গাঁৱত স্থাপিত বিদ্যালয়খন।  বিদ্যালয় পৰিচালনা সমিতিয়ে শিক্ষয়ত্ৰী গৰাকীক বিদায় সম্বৰ্ধনা জনায়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰি শিক্ষয়ত্ৰী গৰাকী আবেগিক হৈ পৰে। বিগত সময়ছোৱাত প্ৰত্যেক খন চৰকাৰে বিদ্যালয় প্ৰাদেশিকীকৰণ কৰাৰ নামত আশ্বাস আৰু প্ৰতিশ্ৰুতি দি কেৱল প্ৰতাৰণা কৰি আহিছে। বিনা বেতনে ২৮ বছৰে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰা শিক্ষয়ত্ৰী সাবিত্ৰী কুৰ্মীৰ চৰকাৰলৈ আহবান বিদ্যালয় খন চৰকাৰীকৰণ কৰি শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। 
Byte - অৱসৰ প্ৰাপ্ত শিক্ষয়ত্ৰী 
Byte -  প্ৰধান শিক্ষয়ত্ৰী।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপ'ৰ্ট, Etv Bharat অসম।

বি: দ্ৰ: --- ভিজুৱেল বাইট ftpত গ'ল।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.