ETV Bharat / state

উৰিয়ামঘাটত সতী সাধনী স্মৃতি দিৱস - assam news

চুতীয়া জাতিৰ গৌৰৱ,চুতীয়াৰ মহিয়সী নাৰী বীৰাংগনা গৰাকীৰ স্মৃতিত বিয়লি ভাগত চিত্ৰাংকন,কুইজ,ৰচনা,আকস্মিক বক্তৃতা প্ৰতিযোগিতাও অনুষ্ঠিত কৰে উদযাপন সমিতিয়ে

উৰিয়ামঘাটত সতী সাধনী স্মৃতি দিৱস
author img

By

Published : Apr 21, 2019, 8:33 PM IST

গোলাঘাট, ২১ এপ্ৰিলঃ গোলাঘাটৰ সৰুপথাৰ উৰিয়ামঘাটত দুদিনীয়া কাৰ্যসূচীৰে পালন বীৰাংগনা সতী সাধনী স্মৃতি দিৱস । দেওবাৰে স্মৃতি দিৱসৰ লগত সংগতি ৰাখি পুৱা সাধনী সমন্বয় ক্ষেত্ৰ উদ্ধোধন কৰে নিৰ্বাচনী বিষয়া সোনাশ্ৰী ব্ৰহ্মই । চুতীয়া জাতিৰ গৌৰৱ,চুতীয়াৰ মহিয়সী নাৰী বীৰাংগনা গৰাকীৰ স্মৃতিত বিয়লি ভাগত চিত্ৰাংকন,কুইজ,ৰচনা,আকস্মিক বক্তৃতা প্ৰতিযোগিতাও অনুষ্ঠিত কৰে উদযাপন সমিতিয়ে । আনহাতে, দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২২ এপ্ৰিলত সাংস্কৃতিক শোভাযাত্ৰা,বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰাৰ উপৰিও মুকলি সভা অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰে আয়োজক সমিতিয়ে ।

Intro:চুতীয়া জাতিৰ গৌৰৱ,চুতীয়াৰ মহিয়সী নাৰী বীৰাংগনা সতী সাধনীৰ স্মৃতি দিৱসটি ৰাজ্যখনৰ অন্যঠাইৰ লগতে সৰুপথাৰৰ উৰিয়ামঘাটটো দুদিনীয়া কাৰ্যসূচীৰে পালন কৰিছে |
Body:আজি প্ৰথম দিনা পূৱা সাধনী সমন্বয় ক্ষেত্র উদ্ধোধন কৰে নিৰ্বাচনী বিষয়া সোনাশ্ৰী ব্ৰহ্মই | পতাকা উত্তোলন কৰে ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্হাৰ সভাপতি জয়ন্ত বৰাই আৰু শ্বহীদ তৰ্পণ কৰে সম্পাদক অভিজিত শইকীয়াই | উদযাপন সমিতিৰ সভাপতি ৰমেন শইকীয়া আৰু দীপাংকৰ বৰায়ে বীৰাংগনা সতী সাধনীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰে | তাৰ পাচতেই চুতীয়া জাতিৰ দেওকুবেৰ শলিতা লগোৱা সকাম কৰা হয় | বিয়লি বিভিন্ন বিভাগত চিত্ৰাংগন,কুইজ,ৰচনা,আকস্মিক বক্তৃতা প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয় | কাইলৈ পূৱা বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা,বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি প্ৰদৰ্শন কৰা হব আৰু মুকলি সভা অনুষ্ঠিত হব |Conclusion:BYTE :- চুতীয়া ছাত্ৰ নেতা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.