ETV Bharat / state

দুগৰাকী পাকৈত যমজ কন্যাই কিদৰে কটাইছে জীৱন ? - poor family

ধনশিৰি মহকুমাৰ চুঙাজান মাজগাঁৱৰ দুগৰাকী ৩৫ বছৰীয়া যমজ কন্যাৰ কৰুণ কাহিনী ৷ নুমলী গগৈ আৰু নিৰলা গগৈ নামৰ এই দুগৰাকী কন্য়াই ৰোৱা-তোলাকে আৰম্ভ কৰি গৰু-ছাগলী, হাঁহ-পাৰ প্ৰতিপালন কৰাৰ পৰা ঘৰৰ ভাত-পানী ৰন্ধালৈকে সমস্ত কাম কৰে তেওঁলোকে । দেখাই-শুনাই বৰ মৰমীয়াল ছোৱালী দুজনীয়ে কথা ক’ব নোৱাৰাৰ লগতে কাণেৰে শুনা নাপায় ৷

sarupathar-two-dumb-sister
দুগৰাকী পাকৈত যমজ কন্যাই কিদৰে কটাইছে জীৱন ?
author img

By

Published : Jun 26, 2021, 8:27 PM IST

সৰুপথাৰ, 26 জুন : ঈশ্বৰৰ লীলা অপাৰ ৷ ঈশ্বৰৰ ইচ্ছা অনুযায়ী সকলো সৃষ্টি ৷ ধনশিৰি মহকুমাৰ চুঙাজান মাজগাঁৱৰ দুগৰাকী ৩৫ বছৰীয়া যমজ কন্যাৰ কৰুণ কাহিনী । কন্যা দুগৰাকীৰ নাম নুমলী গগৈ আৰু নিৰলা গগৈ ।

ঘৰত সকলোৱে মৰমতে জোন আৰু তৰা বুলি মাতে । দেখাই শুনাই বৰ মৰমিয়াল । জোন-তৰাই নোৱাৰা কাম একো নাই । ৰোৱা-তোলাকে আৰম্ভ কৰি গৰু-ছাগলী, হাঁহ-পাৰ প্ৰতিপালন কৰাৰ পৰা ঘৰৰ ভাত-পানী বনোৱালৈকে সমস্ত কাম কৰে তেওঁলোকে ।

দুগৰাকী পাকৈত যমজ কন্যাই কিদৰে কটাইছে জীৱন ?

ইয়াৰ উপৰিও দুয়োগৰাকীয়ে তাঁতশালত কাপোৰ বোৱা, মেচিনত কাপোৰ চিলোৱালৈকে পাকৈত । যিকোনো নেদেখা-নুবুজা নতুন কাম এটা শিকাই দিলে খুব কম সময়তে আয়ত্ব কৰি লব পাৰে তেওঁলোকে । কিন্তু দেখাই-শুনাই ইমান মৰমীয়াল তথা সু-স্বাস্থ্যৰ গৰাকী জোন-তৰাক নিয়তিয়ে নিদিলে মুখৰ মাত কথা, নিদিলে কাণেৰে শুনিব পৰাকৈ শক্তি ।

জন্মৰে পৰা দুয়োগৰাকী যুৱতীয়ে কথা কব নোৱাৰে আৰু কাণেৰে নুশুনে । কাণেৰে নুশুনাৰ বাবে শিক্ষা গ্ৰহণ কৰাৰ পৰাও বঞ্চিত হ’ল তেওঁলোক । সেয়েহে খেতি-বাতিৰ ওপৰত নিৰ্ভৰ কৰি চলা পিতৃ বকুল গগৈ আৰু মাতৃ হৰেশ্বৰী গগৈয়ে দিন বাগৰাৰ লগে লগে গভীৰ ভাৱে চিন্তিত হৈ পৰিছে ।

আৰ্থিক অৱস্থা ভাল নোহোৱা বাবে উপযুক্ত চিকিৎসা কৰাব নোৱাৰিলে জোন-তৰাক । পিতৃ-মাতৃয়ে পৰালৈকে জোন তৰাক প্ৰতিপালনত নকৰে অকণো হেমাহি, কিন্তু ভৱিষ্যতে কি হ’ব যুৱতী দুগৰাকীৰ ? সেয়েহে জোন-তৰাৰ ভৱিষ্যত সুৰক্ষাৰ বাবে পৰিয়ালবৰ্গই চৰকাৰৰ পৰা বিচাৰিছে সহায় ৷

লগতে পঢ়ক: তেজপুৰৰ 16 টা শিশুৰ দেহত ক'ভিডৰ অৱস্থিতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.