সৰুপথাৰ,30 মে’: সৰুপথাৰত বৃহস্পতিবাৰে নিশা পথৰ দাঁতিত অসুস্থ অৱস্থাত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰী ৷ প্ৰায় ১০ ৰ পৰা ১২ বছৰ বয়সৰ মুকবধিৰ কিশোৰী গৰাকীক সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে, সৰুপথাৰৰ পৰা নাওজানলৈ যোৱা পথত উদ্ধাৰ কৰা হৈছিল কিশোৰী গৰাকী ।
ইফালে, বৰ্তমান পৰ্যন্ত পৰিচয় জানিব পৰা হোৱা নাই কিশোৰী গৰাকীৰ । বৃহস্পতিবাৰে নিশা প্ৰায় ১ বজাত আৰক্ষী আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ প্ৰচেষ্টাত মৃত্যুঞ্জয় ১০৮ এম্বুলেঞ্চেৰে কিশোৰী গৰাকীক সৰুপথাৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । শেহতীয়াভাৱে জানিব পৰা মতে কিশোৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে শুকুৰবাৰে নিশা প্ৰায় ১০ মান বজাত গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।