ETV Bharat / state

এজোপা গছে দুটা সম্প্ৰদায়ৰ মাজত গঢ়িছে সম্প্ৰীতিৰ এনাজৰী - নাগালেণ্ড

সৰুপথাৰৰ সীমান্তৰ নাগালেণ্ডৰ কৌৰ বস্তিৰ এজোপা কেইবাশ বছৰীয়া জৰী গছ ৷ গছজোপাৰ লগত জড়িত আছে দুটা প্ৰতাপী জাতিৰ বন্ধুত্বৰ এক কিংবদন্তী ৷ অঞ্চলটোৰ পাহাৰীয়া নগা লোকসকলৰ বিশ্বাস নগা ৰজা আৰু আহোমৰ মাজৰ বন্ধুত্বৰ সাক্ষী এই জৰী গছজোপা ৷

এজোপা গছে দুটা সম্প্ৰদায়ৰ মাজত গঢ়িছে সমণ্বয়ৰ এনাজৰি
author img

By

Published : Apr 26, 2019, 1:41 PM IST

সৰুপথাৰ,26এপ্ৰিল: এজোপা বিশেষ জৰীগছ ৷ যি গছে বছৰ বছৰ ধৰি সাক্ষী বহন কৰি আহিছে দুটা সম্প্ৰদায়ৰ মাজত সমন্বয়ৰ এনাজৰী ৷ এই বিশেষ গছজোপা আছে অসম সীমান্তৰ, নাগালেণ্ডৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ ভিতৰত অৱস্থিত কৌৰবস্তি নামৰ এখন ক্ষুদ্ৰ গাঁৱত ৷ প্ৰায় ৮ শ বছৰ পুৰণি গাঁওখনত আছে এক অখ্যাত ইতিহাস ৷ প্ৰবাদ অনুসৰি এই গাঁওখনত থকা বিশেষ জৰী গছজোপাই সাক্ষী বহন কৰিছে নগা ৰজা আৰু আহোমৰ মাজৰ বন্ধুত্বৰ সম্পৰ্কৰ ৷ নগা ৰজা আৰু আহোমৰ ৰাজবিষয়া প্ৰায়ে লগ হৈছিল এইখন কৌৰ বস্তিতে ৷ কিন্তু নগা ৰজাজনৰ মৃত্যুৰ পাচত আহোম সৈন্য সেই স্থানত উপস্থিত হৈ মৃত নগাৰজাক উক্তস্থানতে আহোমৰ প্ৰথাৰে মৈদাম দি চিন ৰাখিবৰ বাবে মৈদামৰ ওপৰত ৰোপণ কৰিছিল এজোপা জৰী গছৰ পুলি ৷ ইপিনে নগা সকলে মৈদামৰ কাষত দিছিল নগাৰ প্ৰথাৰে ৮ টা শিল ৷ বৰ্তমান এই টিলাটোৰ ওপৰত থকা জৰীগছ জোপাৰ লগতে গছৰ কাষৰ শিলকেইটাই এই কাহিনীৰ সত্যতা নিৰূপণ কৰে বুলি দাবী কৰে নগা সকলে ৷ লগতে এই জৰীগছ জোপা আৰু শিল কেইটাক বিশেষ মৰ্যদা দিয়ে গাঁওখনৰ লোকসকলে ৷ আনহাতে গাঁওখনলৈ প্ৰতি বছৰে চুবুৰীয়া ৰাজ্য অসমৰ পৰা আহোম সম্প্ৰদায়ৰ লোকক আমন্ত্ৰণ কৰি অতিথিৰূপে সন্মান যচা আৰু অভ্যৰ্থনা আগবঢ়োৱাৰ লগতে এই কাহিনী ৰাজহুৱাকে গাঁওখনৰ মুখিয়ালজনে ব্যক্ত কৰাৰ এক পৰম্পৰা চলি আহিছে ৷

এজোপা গছে দুটা সম্প্ৰদায়ৰ মাজত গঢ়িছে সমণ্বয়ৰ এনাজৰি

অৱশ্যে ইতিহাসৰ পাতত এনে কোনো কাহিনী লিপিবদ্ধ নাই যদিও নাগালেণ্ডৰ ক'ৰ বস্তিৰ কথা উল্লেখ আছে আহোমৰ ইতিহাসত ৷ এই কাহিনী কিমান সঁচা বা কাল্পনিক সেয়া এটা সুকীয়া কথা কিন্তু বৰ্তমান সময়ত প্ৰায়ে দুয়োখন ৰাজ্যৰ মাজত সীমা বিবাদক সীমান্তৰ ক'ৰ বস্তিৰ এই গছজোপাই ৰাইজৰ মাজত বন্ধুত্বৰ ভাৱ বৰ্তাই ৰখাত এক বিশেষ ভূমিকা গ্ৰহণ কৰিছে ৷

Intro:সৰুপথাৰৰ সীমান্তৰ নগালেণ্ডৰ কৌৰ বস্তিৰ এজোপা কেইবাশ বছৰীয়া জৰিগছ ৷ গছজোপাৰ লগত জৰিত আছে দুটা প্ৰতাপী জাতিৰ বন্ধুত্বৰ এক কিংবদন্তী ৷ অঞ্চলটোৰ পাহাৰীয়া নগা লোকসকলৰ বিশ্বাস নগা ৰজা আৰু আহোমৰ মাজৰ বন্ধুত্বৰ সাক্ষী এই জৰিগছ জোপা ৷Body:অসমৰ সীমাৰ পৰা নগালেণ্ডৰ প্ৰায় ৩০ কিলোমিটাৰ মান ভিতৰত অৱস্হিত কৌৰবস্তি নামৰ এখন ক্ষুদ্ৰ গাওঁ ৷ প্ৰায় ৮ শ বছৰ পুৰনী গাওঁখনত এসময়ত বসবাস কৰিছিল সহস্ৰাধিক পৰিয়ালে ৷ কিন্তু বৰ্তমান গাওঁখনৰ বাস কৰে মাত্ৰ ২৮ টামান নগা পৰিয়াল ৷ এই গাওঁখনৰে এটা চুকত থকা এইজোপা জৰিগছৰ লগত আহোম আৰু নগা ৰজাৰ বন্ধুত্বৰ স্মৃতিজৰিত থকাৰ আছে এক কিংবদন্তী ৷ স্হানীয় নগাসকলৰ মতে কেইবাশ বছৰৰ পূৰ্ৱে এজন নগা ৰজা আৰু আহোমৰ এটা ৰাজ পৰিয়ালৰ মাজত গঢ়ি উঠিছিল গভীৰ বন্ধুত্ব ৷ নগা ৰজাজনৰ নাম আছিল থাংবেমো ওবাং ৷ নগা ৰজা আৰু আহোমৰ ৰাজবিষয়া প্ৰায়ে লগ হৈছিল এইখন কৌৰ বস্তিতে ৷ দুয়ো শপত লৈছিল একে লগে একে সময়তে মৃত্যু বৰণ কৰাৰ ৷

এদিন আহোমৰ ৰাজ বিষয়াজনৰ মৃত্যু হোৱাত বিষয়াজনৰ পত্নীয়ে সৈন্য প্ৰেৰণ কৰিলে নগা ৰজাৰ খবৰ লবলৈ ৷কিন্তু নগা ৰজাক জীৱিত অৱস্হাত দেখি আহোম সন্য ঘূৰি আহিছিল যদিও কিছুদূৰ অহাৰ পিচতে খবৰ লাভ কৰিলে নগা ৰজাৰো মৃত্যু হোৱা বুলি ৷ সেই খবৰ লাভ কৰি আহোম সৈন্য সেই স্হানত উপস্হিতি হৈ মৃত নগাৰজা থাংবেমোক উক্তস্হানতে আহোমৰ পথাৰে মৈদাম দি চিন ৰাখিবৰ বাবে মৈদামৰ ওপৰত ৰোপন কৰিছিল এজোপা জৰীগছৰ পুলি ৷ আৰু নগা সকলে মৈদামৰ কাষত দিছিল নগাৰ প্ৰথাৰে ৮ টা শিল ৷ বৰ্তমান এই টিলাটোৰ ওপৰত থকা জৰীগছ জোপাৰ লগতে গছৰ কাষৰ শিলকেইটাই এই কাহিনীৰ সত্যতা নিৰুপন কৰে বুলি দাবী কৰে নগা সকলে ৷ লগতে এই জৰিগছ জোপা আৰু শিল কেইটাক বিশেষ মৰ্যদা দিয়ে গাওঁখনৰ লোকসকলে ৷ ইপিনে গাওঁখনলৈ প্ৰতি বছৰে চুবুৰীয়া ৰাজ্য অসমৰ পৰা আহোম সম্প্ৰদায়ৰ লোকক আমন্ত্ৰন কৰি অতিথিৰূপে সন্মান যচা আৰু অভ্যৰ্থনা আগবঢ়োৱাৰ লগতে এই কাহিনী ৰাজহুৱাকে গাওঁখনৰ মুখীয়ালজনে ব্যক্ত কৰাৰ এক পৰম্পৰা চলি আহিছে ৷

অৱশ্যে ইতিহাসৰপাতত এনে কোনো কাহিনী লিপিবদ্ধ নাই যদিও নগালেণ্ডৰ ক'ৰ বস্তিৰ কথা উল্লেখ আছে আহোমৰ ইতিহাসত ৷ লগতে চুবুৰীয়া এলেকাটোৰ নগা ৰাইজে মনে প্ৰাণে সত্য বুলিয়ে বিশ্বাস কৰে এই কিংবদন্তী ৷ এই কাহিনী কিমান সঁচা বা কাল্পনীক সেয়া এটা সুকীয়া কথা কিন্তু সীমা বিবাদে জৰ্জৰিত অসম নগালেণ্ড সীমান্তৰ ক'ৰ বস্তিৰ এই কিংবদন্তীয়ে দুয়োখন ৰাজ্যৰ সীমামূৰীয়া ৰাইজৰ মাজত বন্ধুত্বৰ ভাৱ বৰ্তাই ৰখাত এক বিশেষ ভূমিকা গ্ৰহন কৰিছেConclusion:BYTE :- 1 নগা ব্যক্তি
BYTE :-2 আহোম ব্যক্তি

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.