ETV Bharat / state

সৰুপথাৰত ধনশিৰি নদীত একাংশই চলাই আছে অবৈধভাৱে বালি খনন - SARUPATHAR, ILLEGAL SAND MOHOL

সৰুপথাৰত ধনশিৰি নদীত বন বিভাগ আৰু স্থানীয় প্ৰশাসনক মেনেজ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অবৈধ বালি খনন কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ ৷

SARUPATHAR, Illegal Sand Business
সৰুপথাৰত ধনশিৰি নদীত একাংশই চলাই আছে অবৈধভাৱে বালি খনন
author img

By

Published : Jan 27, 2020, 11:32 PM IST

সৰুপথাৰ,27 জানুৱাৰী: বন বিভাগ আৰু স্থানীয় প্ৰশাসনক মেনেজ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে সৰুপথাৰত ধনশিৰি নদীত অবৈধ বালি খনন কৰাৰ অভিযোগ ৷ নাঁওজান আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সৰুপথাৰ খণ্ড বন বিভাগৰ অধীনৰ ১নং পদুমনিত প্ৰশান্ত বিভাৰ নামৰ ব্যক্তিজনে বছৰ বছৰ ধৰি অবৈধ ভাৱে বালি খনন কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ গোলাঘাট জিলা বন বিভাগৰ পৰা পট্টা মাটিত কিছু বালি খনন কৰাৰ পাৰ্মিট লৈ প্ৰশান্ত বিভাৰে চলাই গৈছে লুন্ঠনৰাজ ৷ একাংশ দূৰ্নীতিগ্ৰস্ত বন বিষয়া তথা স্থানীয় প্ৰশাসনক মেনেজ কৰি বছৰ বছৰ ধৰি অবৈধ বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছে | ধনশিৰি নদীৰ বালি নিম্ন মানৰ আৰু পলসুৱা হোৱা হেতু চৰকাৰী কামৰ পৰা বাৰণ কৰাৰ পাছতো কিন্তু বৰ্তমান এই বালিয়ে ব্যৱহাৰ হৈ আছে ৷ সৰুপথাৰ খণ্ড বন বিষয়া গৰাকীয়ে প্ৰশান্ত বিভাৰৰ বালি মহলটো বৈধ বুলি ক'ব বিচাৰে যদিও সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ ক'ব নোৱাৰিলে ৷ তদুপৰি বালি মহলৰ পৰা বালি কঢ়িয়াই অহা ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ বাবেই বনবিষয়াই কাৰ্যালয় এৰি পথত ৰৈ থাকেহি বুলি অভিযোগ উত্থাপন কৰিছে দল সংগঠনে ৷

সৰুপথাৰত ধনশিৰি নদীত একাংশই চলাই আছে অবৈধভাৱে বালি খনন

লগতে পঢ়ক:মৰিগাঁৱত টেক্টৰৰ চেপাত এজন লোকৰ মৃত্যু

Intro:বন বিভাগ আৰু স্হানীয় প্ৰশাসনক মেনেজ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে সৰুপথাৰত ধনশিৰি নদীত অবৈধ বালি খনন কৰাৰ অভিযোগ উত্থাপিত হৈছে |Body:নাওজান আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ সৰুপথাৰ খণ্ড বন বিভাগৰ অধীনৰ ১নং পদুমনিত প্ৰশান্ত বিভাৰ নামৰ ব্যক্তিজনে বছৰ বছৰ ধৰি অবৈধ ভাৱে বালি খনন কৰাৰ অভিযোগ উত্থাপিত হৈছে | একাংশ দূৰ্নীতিগ্ৰস্ত বন বিষয়া তথা স্হানীয় প্ৰশাসনক মেনেজ কৰি বছৰ বছৰ ধৰি অবৈধ বালি খনন কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছে | গোলাঘাট জিলা বন বিভাগৰ পৰা পট্টা মাটিত কিছু বালি খনন কৰাৰ পাৰ্মিট লৈ প্ৰশান্ত বিভাৰে চলাই গৈছে লুন্ঠনৰাজ | ধনশিৰি নদীৰ বালি নিম্ন মানৰ আৰু পলসুৱা হোৱা হেতু চৰকাৰী কামৰ পৰা বাৰণ কৰাৰ পাচতো কিন্তু বৰ্তমান এই বালিয়ে ব্যৱহাৰ হৈ আছে |

সৰুপথাৰ খণ্ড বন বিষয়া গৰাকীয়ে প্ৰশান্ত বিভাৰৰ বালি মহলটো বৈধ বুলি কব বিচাৰে যদিও সংবাদ মাধ্যমৰ আগত স্পষ্টকৈ কব নোৱাৰিলে | তদুপৰি বালি মহলৰ পৰা বালি কঢ়িয়াই অহা ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ বাবেই কাৰ্যালয় এৰি পথত ৰৈ থাকেহি বুলি দল সংগঠনে অভিযোগ উত্থাপন কৰিছে
Conclusion:Byte 1 = শ্ৰমিক
Byte 2 = চুতীয়া ছাত্ৰ নেতা
Byte 3 = খণ্ড বন বিষয়া

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.