ETV Bharat / state

মহিলাৰ শ্লীনতা হানিৰ চেষ্টাঃ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু মহিলা সমিতিৰ

চুঙাজানত মহিলাক শ্লীনতা হানি আৰু ধনদাবী কৰি আৰক্ষীৰ ৰোষত পৰিল আমগুৰি গাঁৱৰ বাসিন্দা চন্দ্ৰ লহকৰ ৷ লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ ৷

চুঙাজানত মহিলাৰ শ্লীনতা হানিৰ চেষ্টা এজনৰ
author img

By

Published : Nov 23, 2019, 2:30 PM IST

সৰুপথাৰ,23নৱেম্বৰ : ধনশিৰি মহকুমাৰ চুঙাজানত মহিলাক শ্লীনতা হানি আৰু ধনদাবী কৰি আৰক্ষীৰ ৰোষত পৰিল এজন ৷ লোকজন চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁৱৰ বাসিন্দা চন্দ্ৰ লহকৰ ৷ লহকৰে চুঙাজান চাৰিআলিৰ এগৰাকী মহিলাক পঞ্চাশ হেজাৰ টকা দাবী কৰাৰ লগতে অশালীন ব্যৱহাৰ কৰি মহিলাগৰাকীৰ কাপোৰ ফালিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে ৷

চুঙাজানত মহিলাৰ শ্লীনতা হানিৰ চেষ্টা এজনৰ

ইফালে, এই ঘটনাৰ পাছতে ক্ষোভত ফাটি পৰে অঞ্চলটোৰ মহিলাসকল ৷ আত্মসহায়ক গোট খুলি আৰ্থিক ভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা মহিলাসকলৰ লগত এনে ব্যৱহাৰ কৰাৰ বাবে চুঙাজান আৰক্ষী থানাত ৰুজু কৰা হয় এক গোচৰ ৷ কিন্তু চুঙাজান আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ বাবে মহিলাসকল কাষ চাপে আৰক্ষী অধীক্ষকৰ ৷ অধীক্ষকগৰাকীয়ে ৩৪/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/১০৯/৩৮৭/৩৫৪(বি)/২৯৪/৩৪ ধাৰাত এক গোচৰ পঞ্জীয়ন কৰে ৷মহিলাসকলৰ অভিযোগ অনুসৰি চুঙাজান অঞ্চলৰ বিভিন্ন অপৰাধৰ লগত জড়িত হৈ আছে চন্দ্ৰ লহকৰ ৷

Intro:ধনশিৰি মহকুমাৰ চুঙাজানৰ এগৰাকী যুৱকৰ বিৰুদ্ধে মহিলাক শ্লীনতা হানি আৰু ধনদাবীৰ অভিযোগত আৰক্ষী থানাত গোচৰ ৰুজু হৈছে | চুঙাজান আৰক্ষী থানাৰ অন্তৰ্গত আমগুৰি গাঁওৰ বাসিন্দা চন্দ্ৰ লহকৰে চুঙাজান চাৰি আলিৰ সমীপত কল্পনা হাজৰিকাক পঞ্চাশ হেজাৰ টকা দাবী কৰাৰ লগতে অল্পনা বৰ্মনক অশালীন গালি গালাজ কৰি মহিলা গৰাকীৰ গাত হাত দি কাপোৰ ফালি শালীনতা হানিৰ চেষ্টা কৰে | লহকৰে মহিলাৰ ওপৰত এনেদৰে অশালীন কৰ্ম কৰাৰ পাচত চুঙাজান আৰক্ষী থানাত অল্পনা বৰ্মনে চন্দ্ৰ লহকৰৰ বিৰুদ্ধে এক গোচৰ দিয়ে |Body:চুঙাজান আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাত আৰক্ষী অধীক্ষকক অৱগত কৰাত ৩৪/২০১৯ নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৬/১০৯/৩৮৭/৩৫৪(বি)/২৯৪/৩৪ ধাৰাত গোচৰ পঞ্জীয়ন কৰিবলৈ বাধ্য হয় | চুঙাজান অঞ্চলত বিভিন্ন অপৰাধ কাৰ্যৰ লগত জড়িত থকাৰ অভিযোগ থকা এই গৰাকী ব্যক্তিয়ে সৰ্বসাধাৰণ লোকক উচ্চ পদস্হ আৰক্ষী বিষয়াৰ লগত সু সম্পৰ্ক থকা বুলি দাংকোপ মাৰি ফুৰা চন্দ্ৰৰ বিৰুদ্ধে ইতিপূৰ্বে কেইবাটিও দল সংগঠনে আৰক্ষীক লিখিত অভিযোগো দিছিল

ইফালে,চুঙাজানৰ আছু,জাতীয়তাবাদী যুৱ পৰিষদ,চুতীয়া ছাত্ৰ সন্হাৰ লগতে বিভিন্ন সংগঠন,ৰাইজে অভিযুক্ত চন্দ্ৰ লহকৰক শীঘ্ৰে কৰায়ত্ব কৰি আৰু শাস্তি প্ৰদানৰ দাবী তুলিছে
Conclusion:Byte -- ভূক্তভোগী মহিলা
Byte -- প্ৰত্যক্ষদৰ্শী মহিলা
Byte --- অতিৰিক্ত আৰক্ষী অধীক্ষক( পানেচৰ)
Byte -- ছাত্ৰ নেতা

সৰুপথাৰৰ পৰা দেৱাশীষ শৰ্মাৰ ৰিপৰ্ট ETV BHARAT অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.