ETV Bharat / state

শংকৰদেৱ সংঘৰ অধিৱেশন, ভক্তক আদৰিবলৈ সাজু আয়োজক

৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদযাপন সমিতিৰ সংবাদ মেল। ৮৯ সংখ্যক অধিৱেশনলৈ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈ উঠিছে আয়োজক সমিতি । অধিবেশনথলীত ৩৫ লাখ ভকতৰ সমাগম হোৱাৰ সম্ভাৱনা ৷

author img

By

Published : Feb 4, 2020, 9:39 AM IST

শংকৰদেৱ সংঘৰ অধিৱেশন, ভক্তক আদৰিবলৈ সাজু আয়োজক
শংকৰদেৱ সংঘৰ অধিৱেশন, ভক্তক আদৰিবলৈ সাজু আয়োজক

গোলাঘাট: বুধবাৰৰ পৰা গোলাঘাট জিলাৰ বোকাখাটত আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 89 সংখ্যক অধিৱেশন ৷ এই অধিৱেশনলৈ মাজত এটা দিন বাকী থকা অৱস্থাত আয়োজন সম্পৰ্কীয় তথ্য প্ৰকাশৰ বাবে সংবাদমেল আয়োজন কৰে উদ্যোক্তা সকলে ৷

৮৯ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উদযাপন সমিতিৰ সংবাদ মেল

অধিৱেশনৰ আয়োজন প্ৰায় সমাপ্ত হৈছে বুলি এই সংবাদমেলত সদৰি কৰাৰ লগতে সমূহ ভকত-বৈষ্ণৱক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আয়োজক সকলে ৷ 2 কোটি 80 লাখ টকাৰ বাজেট ধাৰ্যকৰা হৈছে এই অধিৱেশনৰ ৷ অধিৱেশনত ৫৪৮ খন গ্ৰন্থ মেলাৰ বিপণী আৰু ৩৬০ খন বহি: বাণিজ্য বিপণী দিয়া হব ।

অধিৱেশনত সাতখন অঙ্কীয়া নাট প্ৰদৰ্শন কৰাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। অধিৱেশন স্থলীৰ ১৮০০ বিঘা ভূমিৰ ভিতৰত ১২০০ বিঘা ভূমিত মূল পেণ্ডল সমূহ বিস্তৃত হৈ আছে । উল্লেখ যে বোকাখাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬৮ খন প্ৰাথমিক আৰু ১৩০০ সদস্য আছে। এইবাৰৰ অধিৱেশনত প্ৰায় ৩৫ লাখ ভকত বৈষ্ণৱে পদধূলা পেলাব বুলি জানিব দিয়ে উদযাপন সমিতিয়ে ৷

লগতে পঢ়কঃ ক'লা ধন সন্দৰ্ভত তথ্য প্ৰদানত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা

Intro:প্ৰস্তুতি সম্পন্ন হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ। ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে উদযাপন সমিতিয়ে।

Body:শ্ৰীমন্ত শংকৰদেৱ সংঘ ৮৯ সংখ্যক বোকাখাট অধিৱেশন লৈ ভকত বৈষ্ণৱক আদৰিবলৈ সাজু উদযাপন সমিতি। সংবাদ মেলত শ্ৰীমন্ত শংকৰদেৱ সংঘ এক গণতান্ত্ৰিক অনুষ্ঠান বুলি অভিহিত কৰি কয় জাতি ধৰ্ম নিৰ্বিশেষে যোগদান কৰিছে অধিৱেশনত। অধিৱেশনৰ প্ৰতিটো দিশ ইতিমধ্যে সম্পন্ন হৈছে বুলি জানিব লৈ দিয়ে। অধিৱেশন স্থলীত দিয়া হোটেল নিৰামিষ হোৱাৰ উপৰিও অধিৱেশন স্থলীত কোনোধৰণৰ মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব বুলি সংবাদ মেলত অৱগত কৰে। সংবাদ মেলৰ জৰিয়তে ভকত বৈষ্ণৱক আমন্ত্ৰণ জনাই উদযাপন সমিতিয়ে। অধিৱেশনৰ বাজেট হল ২ কোটি ৮০ লাখ টকা। বৰ্তমানো প্ৰয়োজনীয় ধন ৰাশি আহি আছে, বাজেটৰ লক্ষ্যত উপনীত হবলৈ কোনোধৰণৰ অসুবিধা নহব বুলি জনাই উদযাপন সমিতিয়ে। অধিৱেশনত এখনি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হব। অধিৱেশনত ৫৪৮ খন গ্ৰন্থ মেলা বিপনী আৰু ৩৬০ খন বহি: বাণিজ্য বিপনী দিয়া হব। অধিৱেশনক কোনো ব্যক্তিয়ে বিপথে পৰিচালিত নকৰিবলৈ অনুৰোধ জনাই সমিতিৰ বিষয় ববীয়াই। অধিৱেশনত ১৬ কিলোমিটাৰ দূৰত্বৰ এক বাৰেৰহনীয়া শোভাযাত্ৰা বাহিৰ কৰা হব। অধিৱেশনত সাতখন অঙ্কীয়া নাট প্ৰদৰ্শন কৰাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে। অধিৱেশন স্থলীৰ ১৮০০ বিঘা ভূমিৰ ভিতৰত ১২০০ বিঘা ভূমিত মূল পেণ্ডল সমূহ বিস্তৃত হৈ আছে। উল্লেখ যে বোকাখাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৬৮ খন প্ৰাথমিক আৰু ১৩০০ সদস্য আছে। এইবাৰৰ অধিৱেশনত প্ৰায় ৩৫ লাখ ভকত বৈষ্ণৱে পদধূলা পেলাব বুলি জানিব দিয়ে উদযাপন সমিতিয়ে।

Conclusion:Byte 1: উদযাপন সমিতিৰ বিষয় ববীয়া।
গোলাঘাটৰ পৰা দিগন্ত চাহুৰ ৰিপৰ্ট, Etv Bharat অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.