গোলাঘাট,27 ছেপ্তেম্বৰ: গোলাঘাটত প্ৰধানমন্ত্ৰীৰ জন কল্যাণকাৰী যোজনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে কৰা হৈছে চেনিটাইজেচন ৷ কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণেৰে প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনাৰ গোলাঘাট জিলা সমিতি আৰু অসম সংখ্যালঘু প্ৰভাগৰ সদস্য সকলে জিলাখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয় চেনিটাইজেচন কৰে ৷ জিলাখনৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যালয়, নামঘৰ, সাংবাদিক সংস্থা, প্ৰেছ ক্লাব, স্বাস্থ্য যুটীয়া সঞ্চালকৰ কাৰ্যালয়ত চেনিটাইজেচন কৰে দলটোৱে ৷
অসম সংখ্যালঘু প্ৰভাগৰ উপ-সভাপতি ৰাজুমণি হুছেইন আৰু প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনাৰ গোলাঘাট জিলা সমিতিৰ সভাপতি বেদান্ত বৰাৰ নেতৃত্বত এই চেনিটাইজেচন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উল্লেখ্য যে, দেৰগাঁৱৰ বিশিষ্ট ব্যৱসায়ী ৰাজুমণি হুছেইনে মাৰ্চৰ পৰাই এইধৰণৰ চেনিটাইজেচন চলাই আহিছে । অত্যাধুনিক সা-সৰঞ্জামেৰে চেনিটাইজেচন চলাই শলাগ বুটলিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী জনকল্যাণকাৰী যোজনাৰ গোলাঘাট জিলা সমিতিয়ে ৷
লগতে চাওকঃ দলগাঁৱত বিফল স্বচ্ছ ভাৰত অভিযান আঁচনি