ETV Bharat / state

RTI কৰ্মী দুলাল বৰাক খুমটাই আৰক্ষী চকীত জেৰা

author img

By

Published : Dec 23, 2020, 4:20 PM IST

আৰ টি আই কৰ্মী দুলাল বৰাক বুধবাৰে গোলাঘাট জিলাৰ খুমটাই আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷ দুলাল বৰাৰ সৈতে যুৱক এজনৰ মাৰপিটৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ৷

rti-worker-dulal-bora-interrogated-in-khumtai-police-station
RTI কৰ্মী দুলাল বৰাক খুমটাই আৰক্ষী চকীত জেৰা

গোলাঘাট, 23 ডিচেম্বৰ : আৰ টি আই কৰ্মী দুলাল বৰাক বুধবাৰে গোলাঘাট জিলাৰ খুমটাই আৰক্ষী থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষীয়ে বহু সময় ধৰি কৰা জেৰাৰ অন্তত দুলাল বৰাক চিকিৎসালয়লৈ স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হয় ৷

উল্লেখ্য যে, কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তামুলীপথাৰত বুধবাৰে দুলাল বৰাৰ লগত আন এজন যুৱকৰ মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । আৰ টি আই কৰ্মী দুলাল বৰা আৰু পলাশ বৰুৱা নামৰ এজন যুৱকৰ সৈতে দিনৰ ভাগত তামুলীপথাৰৰ মজদুৰ লাইনৰ নামঘৰৰ সমীপতে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পিচতেই দুয়োজনৰ মাজত মাৰপিট সংঘটিত হয় বুলি এজাহাৰত অভিযোগ দিছে ।

লগতে পঢ়ক : কৰিমগঞ্জত অচিনাক্ত দুৰ্বৃত্তই ফালিলে বিজেপিৰ পতাকা আৰু বেনাৰ

ইফালে, উক্ত ঘটনা সন্দৰ্ভত কমাৰগাঁও আৰক্ষী থানাত দুয়ো পক্ষই এজাহাৰ দাখিল কৰিছে । কমাৰগাঁও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত 166/20 আৰু 167/20 নম্বৰত দুটা পৃথক পৃথক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

আনহাতে, গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰ উপস্থিত হৈ দুই পক্ষক জেৰা অব্যাহত ৰাখিছে ৷ অতিৰিক্ত আৰক্ষী অধীক্ষকে সোধপোছৰ বাবে দুলাল বৰাক আটক কৰা বুলি মন্তব্য আগবঢ়াইছে ৷ বৰ্তমানলৈকে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰা নায় ।

লগতে পঢ়ক : আহি আছে জুবিন গাৰ্গৰ"ৰাজনীতি"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.