ETV Bharat / state

ৰাইজৰ প্ৰশ্ন বাণত বিপাঙত পৰিল সৰুপথাৰৰ বিধায়িকা ৰ'জলিনা তিৰ্কী - ৰাইজৰ প্ৰশ্ন

নিৰ্বাচন সমাগত এতিয়া চলিছে আধাৰশিলাৰ ৰাজনীতি। যি যেনেকৈ পাৰে সকলো নেতা-মন্ত্ৰী,বিধায়ক ব্যস্ত আধাৰশিলা স্থাপনত । সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলিনা তির্কীয়ে একেদিনাই প্ৰায় ৭ টাকৈ ৰাজহুৱা অনাময় ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে।

roselina tirki
roselina tirki
author img

By

Published : Jul 30, 2020, 2:49 PM IST

গোলাঘাট, 30 জুলাই : গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টি বাসীৰ প্ৰশ্ন বাণত বিপাঙত পৰিল বিধায়িকা ৰ'জলিনা তিৰ্কী। নিজ সমষ্টিৰ পথাৰ সদৃশ পথেৰেই যাত্ৰা কৰি আধাৰশিলা স্থাপন কৰিলে ৰাজহুৱা অনাময় ব্যৱস্থাৰ। নিৰ্বাচন সমাগত এতিয়া চলিছে আধাৰশিলাৰ ৰাজনীতি। যি যেনেকৈ পাৰে সকলো নেতা-মন্ত্ৰী, বিধায়ক ব্যস্ত আধাৰশিলা স্থাপনত । গোলাঘাট জিলাৰ ফুলবাৰী পঞ্চায়তৰ বগীজান অঞ্চলত আধাৰশিলা স্থাপন কৰিবলৈ আহি বিপাঙত পৰিল বিধায়িকাগৰাকী ।

ৰাইজৰ প্ৰশ্ন বাণত বিপাঙত পৰিল সৰুপথাৰৰ বিধায়িকা ৰ'জলিনা তিৰ্কী

সৰুপথাৰ সমষ্টিৰ বিধায়িকা ৰ'জলিনা তির্কীয়ে একেদিনাই প্ৰায় ৭ টাকৈ ৰাজহুৱা অনাময় ব্যৱস্থাৰ আধাৰশিলা স্থাপন কৰে। নিজ সমষ্টিৰ বাট-পথৰ অৱস্থা অতিকৈ শোচনীয়। পথাৰ সদৃশ পথেৰে বোকা ফালি আহি উদ্ধোধন কৰিলে ইটোৰ পিচত সিটো কৈ আধাৰশিলা । কিন্তু বিধায়িকা গৰাকীয়ে বগীজান অঞ্চলত প্ৰৱেশ কৰিয়েই ৰাইজৰ প্ৰশ্ন বাণত পৰিল বিপাঙত । ৰাইজৰ প্ৰশ্নত দিব নোৱাৰিলে সঠিক উত্তৰ। বৰঞ্চ পূৰ্বে কৰা কামৰ কথা কৈ আঁতৰিহে থাকিল উত্তৰ দিয়াৰ পৰা। ইফালে বিধায়িকা গৰাকীয়ে পুঁজিৰ অভাৱৰ কথা কোৱাৰ লগতে দিন হাজিৰা কৰা দুখীয়া পৰিয়ালে পৰিয়াল পোহপাল দিয়াৰ উদাহৰণহে দিলে । যাৰ বাবে বিধায়িকা গৰাকীৰ উত্তৰত সন্তুষ্ট নহ’ল ৰাইজ ।

লগতে পঢ়ক : লুন্ঠনৰ বাবে আহি আছে EIA-2020: লুৰিণজ্যোতি গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.