গোলাঘাট,26 ছেপ্তেম্বৰঃ শনিবাৰে গোলাঘাটত শোকাৱহ পথ দুৰ্ঘটনা। গোলাঘাটৰ কাবৰুগাঁৱত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত দুজন ব্যক্তি নিহত হোৱাৰ বিপৰীতে গুৰুত্বৰ ভাৱে আহত হয় আন দুজন। উল্লেখযোগ্য যে, এখন 407 ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰি পথাৰত বাগৰি পৰাৰ ফলতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো।
দুৰ্ঘটনাটো নিহত ব্যক্তি দুজন ক্ৰমে দিলীপ শইকিয়া(40) আৰু হিতেশ্বৰ শইকীয়া (20) ৷ আনহাতে গুৰুত্বৰ ভাৱে আহত ব্যক্তি দুজন হৈছে লাচিত দাস আৰু বিপ্লৱ ৰাজবংশী। নিহত দিলীপ শইকীয়া গাড়ীখনৰ স্বতাধিকাৰী বুলি জানিব পৰা গৈছে । তাৰোপৰি নিহত হোৱা দুয়োৰে ঘৰ বনগাঁওত।
গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত দুই কৰ্মচাৰী লাচিত দাস আৰু বিপ্লৱ ৰাজবংশীক শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে । উল্লেখযোগ্য যে, গাড়ীখনেৰে কঢ়িয়াই নিয়া চাউল বনগাৱঁত নমাই থৈ ঘুৰি অহাৰ অৱস্থাতে সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো । AS052479 নম্বৰৰ মালবাহী 407 গাড়ীখনে পথত নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুটাত খুন্দা মাৰি বাগৰি পৰা ফলত সংঘটিত হয় দুৰ্ঘটনাটো ।
লগতে পঢ়কঃ ৰাজ্যজুৰি গুৰুজনাৰ আৱিৰ্ভাৱ তিথি পালন