সৰুপথাৰ, 31 মে’ : ভাৰত-পাক সীমান্তত সন্ত্ৰাসবাদীৰ হাতত শ্বহীদ হোৱা গোলাঘাট জিলাৰ বৰপথাৰৰ বীৰ পদম বাহাদুৰ শ্ৰেষ্ঠৰ নামত নিৰ্মাণ হ’ব পথ ৷ ইতিমধ্যে পথটোৰ নিৰ্মাণৰ বাবে চলিছে প্ৰস্তুতি । শ্বহীদ জোৱানজনৰ ঘৰলৈ যোৱা পথচোৱা শ্বহীদ পদম বাহাদুৰ শ্ৰেষ্ঠৰ নামেৰে নামাকৰণ কৰা হ’ব ৷
পথচোৱাৰ নিৰ্মাণৰ বাবে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বলিষ্ঠ পদক্ষেপত মুখ্যমন্ত্ৰীয়ে পুঁজি অনুমোদন জনোৱাৰ কথা জানিব পৰা গৈছে ৷ এতিয়া পথচোৱা নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ হোৱাৰ কথা জানিব পাৰি সন্তুষ্টি প্ৰকাশ কৰিছে অঞ্চলটোৰ ৰাইজে ৷
উল্লেখ্য যে, ২০১৯ চনৰ ২০ অক্টোবৰত ভাৰত-পাক সীমান্তত দেশ মাতৃৰ সুৰক্ষাৰ বাবে নিয়োজিত হৈ থাকোতে সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ হৈছিল সৰুপথাৰৰ বৰপথাৰৰ হাতিগুলী গাঁৱৰ বীৰ সন্তান হাবিলদাৰ পদম বাহাদুৰ শ্ৰেষ্ঠৰ ।