গোলাঘাট, 28 মে’: বাৰিষাৰ প্ৰথমটো বানপানীয়ে জলমগ্ন কৰিছে গোলাঘাটৰ পংকাগ্ৰাণ্টৰ 10 খনৰো অধিক গাঁও । ঢলাজান নৈৰ বাঢ়নী পানীয়ে খহাই নিয়ে পংকা চাৰিআলিৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটো ।
ইফালে, ঠিকাদাৰে দীৰ্ঘদিনে পথটো নিৰ্মাণ নকৰি পেলাই থোৱাৰ অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । অভিযোগ অনুসৰি, 2018 চনতে আৰম্ভ হোৱা পথটোৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই । যাৰ ফলত স্থানীয় ৰাইজে পথটো বন্ধ কৰি থোৱাৰ উপক্ৰম হৈছে ৷
লগতে পঢ়ক: বঙাইগাঁওত কমতা শিৰোমণি অৰুণ কুমাৰ ৰায়ক স্মৰণ