গোলাঘাট, 14 জানুৱাৰীঃ হেঁপাহৰ ভোগালীক লৈ ৰাজ্য উখল-মাখল ৷ এই আনন্দৰ মাজতে গোলাঘাটত সংঘটিত হ’ল কৰুণ ঘটনা ৷ বাছ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন ৷ গোলাঘাট কমাৰগাঁৱৰ পাৰঘাটত সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনা ৷
যোৰহাট দিশৰ পৰা আহি থকা AS 03BC 4366 নম্বৰৰ আলট্ৰা বাছ এখন আৰু নুমলীগড়ৰ দিশৰ পৰা AS 05L 8507 নম্বৰৰ স্কুটীখনৰ মুখামুখি সংঘৰ্ষ ফলত থিতাতে নিহত হয় দুয়োগৰাকী স্কুটী আৰোহী । স্কুটী আৰোহী দুয়োগৰাকী ক্ৰমে কৃষ্ণ ছেত্ৰী আৰু ৰামেশ্বৰ শইকীয়া কমাৰগাঁৱৰ তৰুণনগৰৰ বুলি চিনাক্ত কৰা হৈছে ৷